ৰুষ্ট প্ৰকৃতিয়ে বিনষ্ট কৰিলে এখন সুন্দৰ জিলা। বাৰিষাৰ প্ৰথমটো বান আৰু ভূমিস্খলনে (Massive Landslides And Waterlogging) এতিয়া আতংকৰ সৃষ্টি কৰিছে ডিমা হাছাওৰ (Dima Hasao District) লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত।
মানুহে কৰা ধ্বংসযজ্ঞৰ পৰিণতিত বিগত কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ পিছতে খহি পৰিছে ডিমা হাছাওৰ পাহাৰ। যাৰ ফলত তীব্ৰ ভূমিস্খলন হৈ বাট-পথ আৱদ্ধ কৰি পেলাইছে।
পকী দলং, বাট-পথ খহি উটি গৈছে বানৰ কোবাল সোঁতত। শ শ পৰিয়াল প্লাৱিত হৈ পৰিছে এই মুহূৰ্তত। প্ৰচণ্ড বান আৰু ভূমিস্খলনৰ ফলত (Heavy Flooding And Landslide) ইতিমধ্যে কাছাৰ জিলাত প্ৰাণ হেৰুৱাইছে শিশুসহ তিনিজনে। মুঠতে বান আৰু ভূমিস্খলনৰ ফলত জিলাখনৰ সুন্দৰ পৰিৱেশ নাইকিয়া হৈছে।
ইফালে পাহাৰীয়া হাফলং ৰে’ল ষ্টেছনত (New Halflong Railway Station) বান আৰু ভূমিস্খলনৰ শিহৰণকাৰী দৃশ্য পোহৰলৈ অহাৰ পিছতে কঁপি উঠিছে প্ৰতিজনৰে বুকু (Tragic Video)। ভূমি স্খলনৰ ফলত পোত গৈছে ষ্টেছনত ৰখাই থোৱা ৰে’ল। বানৰ সোতে উটুৱাই নিছে ৰে’লৰ ডবা।
প্ৰথমবাৰৰ বাবে বানৰ এনে বিধ্বংসী কবলত পৰিছে পাৰ্বত্য জিলাখন (Heavy Rains Triggered By Flash Floods And Landslides)। ইফালে প্ৰথমবাৰৰ বাবে হোৱা বাৰিষাৰ বানে বিধ্বস্ত কৰি পেলোৱা পাহাৰীয়া ৰাজ্য ডিমা হাচাওত এতিয়া ক্ৰমাৎ স্তব্ধ হোৱাৰ দিশে জনজীৱন!
প্ৰৱল বান আৰু ভূমিস্খলনৰ ফলত পাহাৰীয়া জিলাখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৰাজ্যৰ আন প্ৰান্তৰ। ৰে’ল ষ্টেছনত কোবাল সোঁতত উটি গৈছে ৰখাই থোৱা ৰে’ল। ভাগি গৈছে পকী দলং আৰু বাট-পথ।
জিলাখনৰ এনে দুৰ্যোগৰ সময়ত এতিয়া অভাৱ ঘটিছে পেট্ৰ’ল-ডিজেলৰ (Shortage Of Petrol And Diesel)। বাতৰি অনুসৰি, জিলাখনৰ পেট্ৰ’ল ডিপ’ সমূহত কেৱল আৰু এটা দিনত ব্যৱহাৰ কৰিব পৰাকৈহে মজুত আছে পেট্ৰ’ল-ডিজেল।
সমান্তৰালভাৱে খাদ্যৰ নাটনিয়েও লাহে লাহে পাহাৰীয়া জিলাখনত (Dima Hasao District) ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।
জিলা উপায়ুক্তৰ এক সূত্ৰ অনুসৰি, বৰ্তমান বন্যাৰ্তক সাহায্য প্ৰদান কৰিবলৈও খাদ্যৰ অভাৱ ঘটিছে ডিমা হাচাওত। যাতায়ত বিচ্ছিন্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনলৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰাৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সৃষ্টি হৈছে।
ইফালে বানাক্ৰান্ত জিলাখনত অভাৱ ঘটিছে বিশুদ্ধ খোৱাপানীৰ। বান আৰু ভূমিস্খলনৰ ফলত বিশুদ্ধ খোৱাপানীৰ যোগানত ব্যাঘাত জন্মিছে। যাৰ বাবে এতিয়া জিলাখনত আগন্তুত সময়ত ভয়াবহ মহামাৰীয়ে দেখা দিয়াৰো আশংকা কৰা হৈছে।
Photo: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/ajab-news-man-cut-his-private-part-at-mangaldoi-in-assam/9067/
Discussion about this post