অসমীয়া যুৱকৰ উদ্যোগত গুৱাহাটীত পেইণ্ডিয়া কেবৰ সুখদায়ক সেৱা। কিন্তু এইবাৰ অলা-ওবেৰৰ সলনি আপুনিও গ্ৰহণ কৰিব পাৰে পেইণ্ডিয়া কেব(Peindia Cab)ৰ সেৱা।
মহানগৰীৰ যিকোনো ঠাইলৈ যাবলৈ আপুনি সহজেই গ্ৰহণ কৰিব পাৰে এই সেৱা। Google Play Storeৰ পৰা Peindia Cab App ডাউনলোড কৰি আপুনি সহজেই লাভ কৰিব পাৰে এই সেৱা।
কিয় বিশেষ এই Peindia Cab?
গুৱাহাটী মহানগৰীত বিগত কেইটামান বছৰ ধৰি অনলাইন টেক্সি সেৱা আগবঢ়াই আহিছে অলা-ওবেৰ আদি আন্তৰ্জাতিক কোম্পানীয়ে। কিন্তু এনেবোৰ প্ৰতিষ্ঠানৰ সেৱাক লৈ সততে প্ৰশ্ন উত্থাপিত হৈ আহিছে তথা বিতৰ্কৰ সৃষ্টি হৈ আহিছে। বিশেষকৈ এইসমূহ প্ৰতিষ্ঠানৰ মালিকপক্ষ আৰু কেব চালকসকলৰ মাজত সংঘাতৰ কথা সকলোৱে জানেই।
ইয়াৰ বিপৰীতে অসমৰ থলুৱা শিক্ষিত কেব চালকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে নতুনকৈ সেৱা আৰম্ভ কৰিছে Peindia Cab-এ। থলুৱা চালকসকলৰ পৰা আন আন প্ৰতিষ্ঠানসমূহে বৃহৎ কমিচন আদায় লোৱাৰ বিপৰীতে এই নতুন Cab সেৱা প্ৰতিষ্ঠানে ন্যূনতম Service fee লৈ আগবঢ়াব সেৱা। থলুৱা যুৱ উদ্যোমী ৰবি চৌধুৰী আৰু তেওঁৰ সতীৰ্থসকলৰ উদ্যোগত বহুজাতিক প্ৰতিষ্ঠানৰ ব্যাপক লুন্ঠনৰ পৰা থলুৱা চালকসকলক সকাহ দিয়াৰ লগতে থলুৱা সেৱা আগবঢ়োৱাৰ উদ্দ্যেশ্যে আৰম্ভ হৈছে এই সেৱা।আপুনি মহানগৰীৰ নাগৰিক। অত্যধিক ব্যস্ততাৰ বাবে আপুনি কম সময়তে মহানগৰীৰ যিকোনো ঠাইলৈ যাবলৈ কেব ব্যৱহাৰ কৰে। আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ সহায়ত সহজেই আপুনি অনলাইন টেক্সী বুক কৰি ইয়াৰ সুবিধা লাভ কৰিব পাৰে। আপুনি হয়তো ওলা বা ওবেৰে আগবঢ়োৱা টেক্সী সেৱা ইতিমধ্যে ব্যৱহাৰ কৰিছেই।
বিগত ১ ছেপ্টেম্বৰত গুৱাহাটীত হোৱা এক অনুষ্ঠানত অলিম্পিক বিজয়ী অসম গৌৰৱ লাভলীনা বৰগোহাঁইৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা এই সেৱাই ইতিমধ্যে লাভ কৰিছে ব্যাপক সমাদৰ। আন আন Cab সেৱাৰ পৰা আতৰি আহি ৫ হাজাৰতকৈও অধিক থলুৱা চালকে ইতিমধ্যে সংযুক্ত হৈছে Peindia Cab সেৱাৰ সৈতে। বিগত দিন কেইটাত ১ লাখ গ্ৰাহকে ১০ লাখতকৈও অধিকবাৰ গ্ৰহণ কৰিছে এই Cab সেৱাৰ সুবিধা। থলুৱা এই Cab সেৱাৰ সুবিধা লাভ কৰি সুখী গ্ৰাহকসকলো। কিয়নো এই প্ৰতিষ্ঠানে বিশেষ গুৰুত্ব প্ৰদান কৰিছে গ্ৰাহকৰ সুৰক্ষাৰ বিষয়টোতো।
থলুৱা অসমীয়া যুৱকৰ প্ৰচেষ্টাত আপুনিও এগৰাকী গ্ৰাহক হিচাপে অথবা এগৰাকী Cab চালক হিচাপে সংযুক্ত হৈ আগবঢ়াব পাৰে আপোনাৰ বৰঙণি। সদ্যহতে গুৱাহাটী মহানগৰীত আৰম্ভ কৰা এই Cab সেৱা পৰৱৰ্তীসময়ত ৰাজ্যৰ আন আন চহৰতো আৰম্ভ কৰাৰ পৰিকল্পনা আছে প্ৰতিষ্ঠানটোৰ।
থলুৱা যুৱ উদ্যোমী ৰবি চৌধুৰী আৰু তেওঁৰ সতীৰ্থসকলৰ উদ্যোগত বহুজাতিক প্ৰতিষ্ঠানৰ ব্যাপক লুন্ঠনৰ পৰা থলুৱা চালকসকলক সকাহ দিয়াৰ ১ ছেপ্টেম্বৰত গুৱাহাটীত হোৱা এক অনুষ্ঠানত অলিম্পিক বিজয়ী অসম গৌৰৱ লাভলীনা বৰগোহাঁইৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আৰম্ভ (অসমীয়াগিৰি) আন আন Cab সেৱাৰ পৰা আতৰি আহি ৫ হাজাৰতকৈও অধিক থলুৱা চালকে ইতিমধ্যে সংযুক্ত হৈছে Peindia Cab সেৱাৰ সৈতে। ১ লাখ গ্ৰাহকে ১০ লাখতকৈও অধিকবাৰ গ্ৰহণ কৰিছে এই Cab সেৱা।
Photo: Google
Discussion about this post