এটি দহ বছৰীয়া শিশু। নাম বিষ্ণু। বিষ্ণু ভূমিজ। নগাঁও জিলাৰ চাপানলা চামগাঁৱৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান এই বিষ্ণু।যি সময়ত বিষ্ণুৰ সমণীয়া আন আন শিশুসকলে পিতৃ মাতৃৰ মৰম আকুলতাৰ মাজত ডাঙৰ দীঘল হৈছে, ৰঙ বিৰঙৰ পুতলাৰ লগত খেলি শৈশৱ পাৰ কৰিছে, সমণীয়াৰ সৈতে বিদ্যালয়লৈ গৈছে, ঠিক সেইটো সময়তে পৰিয়াল পোহপালৰ গধুৰ দায়িত্ব মুৰ পাতি লৈছে দহ বছৰীয়া বিষ্ণুৱে। বিষ্ণুৰ পিতৃ ভায়া ভূমিজ। দুবছৰ পূৰ্বেই কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ বুলি ওলাই গৈছিল ভায়া ভূমিজ। কিন্তু সেই যে গ’ল, বিগত দুটা বছৰে কোনো খা খবৰ নাই ভায়া ভূমিজৰ। পৰিয়াল আত্মীয় স্বজনৰে নাই কোনো যোগাযোগ।মানুহজন ক’ত আছে, জীয়াই আছে নে একোৱেই নাজানে পৰিয়ালে। বিষ্ণুৰ মাতৃ ৰীণা ভূমিজ। মাতৃ ৰীণাও বহুদিন ধৰি আক্ৰান্ত দুৰাৰোগ্য ৰোগত। শয্যাশায়ী ৰীণা।পিতৃ মাতৃৰ এনে অৱস্থাত এতিয়া কণ কণ দুই ভাতৃৰ লগত ৰুগীয়া মাতৃৰ ভৰণ পোষণৰ দায়িত্ব দহ বছৰীয়া বিষ্ণুৰ ওপৰত।পুৱাই ঘৰৰ পৰা ওলাই যায় বিষ্ণু। গাঁৱৰে যাৰ তাৰ ঘৰত ইখন সিখন কৰি দিয়ে। তেনে কৰি পোৱা টকা সিকাৰেই সন্ধিয়া ঘৰলৈ বুলি চাউল এমুঠি,আলু দুটাকে ধৰি ইটো সিটো কিনি আনে। শেহতীয়া কৰ’না আৰু লকডাউন আদিৰ পৰিপ্ৰেক্ষিতত সদায় সেই কামো নোপোৱা হৈছে বিষ্ণুৱে। ফলত কেতিয়াবা কেতিয়াবা লঘোণেও থাকিব লগা হয় বিষ্ণুকে ধৰি চাৰিজনীয়া পৰিয়ালটো। চৰকাৰী কোনো আঁচনীয়েই ঢুকি পোৱা নাই দুৰ্ভগীয়া বিষ্ণু ভূমিজৰ পৰিয়ালটোক। বিদ্যুত ,পানী আদি বহু দুৰৰে কথা, ৰেচন কাৰ্ডখনৰ চাউলকেইটাও সময়মতে নাপায় পৰিয়ালটোৱে। দুৰ্দশাগ্ৰস্ত এই পৰিয়ালটোক লাগে কাৰোবাৰ অকণমান সহাঁৰি।কোনো সদাশয় লোক বা দল সংগঠন আগবাঢ়ি আহিলে নিশ্চয় উপকৃত হ’ব পৰিয়ালটো। এই ক্ষেত্ৰত স্থানীয় বিধায়ক জিতু গোস্বামীকো কিছু ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।কোনো লোকে যদি এই পৰিয়ালটোক সহায় আগবঢ়াব বিচাৰে,তেন্তে যোগাযোগ কৰিব পাৰে এই প্ৰতিবেদন যুগুতোৱা Khatang Khoborৰ নগাঁৱৰ প্ৰতিনিধি ৱাহিদুত জামানৰ সৈতে। জামানৰ ফোন নং 9864960964..
নগাঁৱৰ পৰা ৱাহিদুত জামানৰ প্ৰতিবেদন
Discussion about this post