‘অখিল এতিয়া তথাকথিত ভাৰতীয় সংসদীয় ব্যৱস্থাত সোমাই পৰিছে। ৭০ বছৰ ধৰি আমি দেখি আহিছো যে, এই ব্যৱস্থাটোত থাকি কোনো এজন গণদৰদী নেতা সফল হ’ব পৰা নাই। আছুৱে আন্দোলন কৰি এখন চুক্তি কৰিছিল কিন্তু কৃষক মুক্তিয়ে আজিলৈকে এখনো চুক্তি কৰা নাই।’- অখিল গগৈক লৈ Khatang Khoborৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই মন্তব্য প্ৰকাশ কৰে আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই।
‘কৃষক মুক্তিয়ে চুক্তি নকৰি সংসদৰ মাজেৰে গৈ সমাধান কৰিব পাৰিম বুলি ভবাটো ভুল। ৰাজপথৰ সমস্যা ৰাজপথতেই সমাধানৰ সূত্ৰ উলিয়াব লাগিব। সংসদৰ মজিয়াত আলোচনাৰে সমাধান কৰাটো অসম্ভৱ। এনে কাৰ্যই এজন নেতাৰ মান অৱনমিত কৰে, উত্তৰণ নঘটায়। অখিলে নিজৰ স্থিতি সলনি কৰিছে বুলি মই ভাৱো। সংগ্ৰামৰ পৰা আঁতৰি অখিল এতিয়া তথাকথিত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজলৈ গৈছে।’- অখিল গগৈক লৈ সৰৱ পৰেশ বৰুৱা।
‘৭০ বছৰে আমি এটা সমস্যাও গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সমাধান হোৱা দেখা নাই। প্ৰতাৰণা কৰাটো বেলেগ কথা, কিন্তু এখন চুক্তি কৰাটো দৰকাৰ। একাংশ নেতাই সংগ্ৰামী জনতাক প্ৰতাৰণা কৰিছে। এজনে চিঞৰি CAAখন কি কৰিব?- এই বুলি প্ৰশ্ন উত্থাপন আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষগৰাকীৰ।
মই ভাৱো কিছু হ’লেও অখিলৰ ভাৱমূৰ্তি ম্লান পৰিব। জনতাই অখিলক প্ৰশ্ন কৰিব। আমি বহু নেতা দেখিছো, যি নিজৰ পথৰ পৰা বিচলিত হোৱা নাই। নিবাৰণ বৰা-বিষ্ণু ৰাভা কোনেও সংসদীয় প্ৰক্ৰিয়াৰে সফল হ’ব নোৱাৰিলে। অখিল অকল এটা সমষ্টিৰ বিধায়ক। অকল এটা সমষ্টিৰ বিধায়ক হৈ একো কৰিব নোৱাৰে।- অখিল গগৈ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে বৰুৱাই।
‘অখিল জনগণৰ নেতা, জনদৰদী নেতা, এতিয়ালৈকে অদ্বিতীয়। কিন্তু কিছুমান বিষয় অখিলে দূৰলৈকে ভাবিব লাগিব। মই ভবা নাছিলো, জেললৈ গলেই অখিল হতাশ হ’ব। জনগণৰ হৈ থিয় দিবলৈ হ’লে জেললৈ যোৱাটো সৰু কথা। হতাশ হ’লে অখিল টিকিব নোৱাৰিব কাৰণ তেতিয়া ৰাষ্ট্ৰই তেওঁৰ দুৰ্বলতাবোৰ পাই যাব।’- অখিলক লৈ পৰেশ বৰুৱাই অসন্তুষ্টি প্ৰকাশ কৰিলেও অখিলৰ প্ৰতি যে তেওঁলোকৰ দৰদ এতিয়াও আছে সেই কথা খাটাং খবৰক জনাই পৰেশ বৰুৱাই।
তেওঁলোকেই অখিলক জুনিয়ৰ মাৰ্টিন লুথাৰ কিং বুলি অভিহিত কৰিছিল বুলিও পৰেশ বৰুৱাই খাটাং খবৰৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত প্ৰকাশ কৰে।
তেওঁ লগতে কয় যে, প্ৰকৃতাৰ্থত জনগণৰ নেতা হ’বলৈ হ’লে চূড়ান্ত ত্যাগৰ বাবে সাজু থাকিব লাগিব। ডেৰ বছৰ জেলত থকাটো কোনো ডাঙৰ কথা নহয়। আমাৰ ল’ৰাই বছৰ বছৰ ধৰি হাবিত আছে। অখিলে এইবোৰক লৈ হতাশ হ’লে নহ’ব।
Photo: Google
Discussion about this post