এটা ভাইৰেল ভিডিঅ’য়ে কাল হ’ল ৰঙিয়াৰ এজন স্কুলীয়া ছাত্ৰৰ। দাবী-ধমকি খাই ৰঙিয়াৰ উদিয়ানাৰ যুৱকে ল’লে এই চৰম সিদ্ধান্ত। ঘৰৰ পাছফালে গছত চিপ লৈ আত্মহত্যা কৰে ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ৰেজিবুদ্দিন আহমেদে।
ঘটনাৰ বিৱৰণী অনুসৰি কিছুদিন পুৰ্বে ৰেজিবুদ্দিন আহমেদৰ বন্ধু আৰু এগৰাকী যুৱতীৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে যুৱতীৰ আত্মীয়ই যুৱতীগৰাকীৰ সৈতে ভিডিঅ’টোত থকা বন্ধুজনৰ লগতে ৰেজিবুদ্দিন আহমেদক বিভিন্ন ধৰণে দাবী-ধমকি দিছিল।
কিন্তু ভিডিঅ’ ভাইৰেল কৰাত জড়িত নাছিল ৰেজিবুদ্দিন আহমেদ। এই পৰিপ্ৰেক্ষিতত ৰেজিবুদ্দিন আহমেদে এনে চৰম পন্থা বাছি লোৱা বুলি দুখ প্ৰকাশ কৰে পৰিয়ালৰ লোকে।
Photo & Input: চফিকুল আহমেদ
Discussion about this post