পুনৰ বিতৰ্কত সোমাই পৰিল শ্ৰী মন্ত শংকৰদেৱ সংঘ। দেৰগাঁৱত গাহৰি পালনৰ বাবে এটা পৰিয়ালক এঘৰীয়া কৰিলে। দেৰগাঁৱৰ ঢেকীয়ালৰ নাথ গাঁৱৰ এটা পৰিয়াল বিগত এটা বছৰ ধৰি আঁতৰি আছে সমাজৰ পৰা। পৰিয়ালটোক অংশগ্ৰহণ কৰিব দিয়া নাই কোনো ধৰ্মীয় অনুষ্ঠানত।
পৰিয়ালটোৰ মাথো এটাই অপৰাধ তেওঁলোকে জীৱিকা হিচাপে বাচি লৈছে গাহৰি পালন। এবছৰ পূৰ্বে পৰিয়ালটোৰ পুত্ৰ-বোৱাৰী দীনমনি নাথ আৰু মৃনালী শইকীয়া নাথে স্বাৱলম্বীতাৰ অৰ্থে আৰম্ভ কৰিছিল এখন গাহৰি পাম।
এই দোষৰ বাবেই পৰিয়ালটোৰ মুৰব্বী দীনমনিৰ পিতৃক নামঘৰলৈ মাতি নি শ্ৰী মন্ত শংকৰদেৱ সংঘৰ নাথ গাঁও শাখাই এঘৰীয়া কৰে পৰিয়ালটোক।
Photo: Khatang Khobor




























Discussion about this post