লখিমপুৰ(Lakhimpur)ত ক’ভিড ভেকচিনৰ নামত ধনৰ লেনদেন। ক্ষোভ প্ৰকাশ কৰে আমছুই। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, আপোনাৰ অজ্ঞাতে কি চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগত ? কিয় বাৰে বাৰে বাতৰিৰ শিৰোনাম দখল কৰে স্বাস্থ্য বিভাগৰ কৰ্ম কাণ্ডই ৷
বিনামূলীয়া Vaccineৰ নামত জণগণৰ পৰা কিয় লোৱা হৈছে টকা? ON Cameraত ক’ৰোনা Vaccineৰ নামত সংগ্ৰহ কৰা টকাৰ হিচাপ নিকাচ ৷ ক’ৰোনা ভেকচিন দিয়াৰ নামত টকা সংগ্ৰহ কৰা হৈছে লখিমপুৰত ৷
বুধবাৰে লখিমপুৰৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত বৰগলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভেকচিন প্ৰদান কৰা হৈছিল সাধাৰণ ৰাইজক ৷ সেই ভেকচিন কেন্দ্ৰত কুপন দিয়াৰ দায়িত্বত আছিল উত্তৰ ম’হঘুলীৰ আশা কৰ্মীৰ স্বামী আবু তাহেৰ নামৰ এজন লোক।
সেই লোকজনে কেন্দ্ৰটোত ভেকচিন প্ৰদানৰ কুপন দিয়াৰ নামত প্ৰতিজন লোকৰ পৰা টকা সংগ্ৰহৰ অভিযোগ উৎথাপন কৰিছে BMP আঞ্চলিক আমছুৱে ৷ এই সন্দৰ্ভত BMP আঞ্চলিক আমছুৱে নাওবৈচা স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক এখন অভিযোগ দাখিল কৰে ৷ লগতে অতি শীঘ্ৰে আবু তাহেৰ নামৰ দালালজনৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷
Photo & Input: ভবেন ফুকন
Discussion about this post