চাপৰ(Chapar) হাতীপোতাত নকল সোণৰ অলংকাৰৰ বাবে ভাঙিল বিয়া। সন্মান হেৰুৱাই উভতি গ’ল দৰা পক্ষ। আপুনি ও নিজৰ সন্তানৰ বিয়াৰ বাবে সোণৰ অলংকাৰ বনাব খুজিছে নেকি?
তেন্তে সাৱধান হওক,মা জনী জুয়েলাৰ্চৰ দৰে নকল সোণৰ গহনা লৈ সন্মান হেৰুৱাব পাৰে আপুনিও। হয় এই ঘটনাৰ সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰ হাতীপোতাৰ এখন জুয়েলাৰ্চত।
হাতীপোতা ২য় খণ্ড গাঁৱৰ আছুৰুদ্দিন নামৰ এজন লোকে নিজৰ সন্তানৰ বিয়াৰ বাবে ৰুস্তম আলী নামৰ সোণাৰীক বনাব দিছিল এডাল সোণৰ হাৰ। হাৰডাল নকল সোণেৰে বনাই দিয়াত কইনা পক্ষই দৰা পক্ষক অসন্মান কৰি ভাঙি দিলে বিয়া। খঙৰ ভমকত দৰা পক্ষই সোনাৰীৰ বিৰুদ্ধে আজি শালকোচা আৰক্ষী চকীত তৰিলে গোচৰ।
সোণাৰীয়ে এনেকৈ আৰু বহু গ্ৰাহকক গহণাৰ নামত প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰাও দেখা যায়।
Photo & Input: আতোৱাৰ ৰহমান
Discussion about this post