মৰিগাঁৱৰ (Morigaon) এখন বিদ্যালয়ত অংক নোৱাৰাৰ বাবে নৱম মানৰ ছাত্ৰীক শাৰীৰিক অত্যাচাৰ (Physical Harrasment)। চৰাইবাহী শংকৰদেৱৰ শিশু বিদ্যা নিকেতনৰ অংক শিক্ষক পাৰ্থ প্ৰতিম নাথে এগৰাকী নৱম মানৰ ছাত্ৰীক হাত, পিঠি আকু ডিঙিত বেটেৰে মৰিয়াই পচণ্ড আঘাত কৰে ৷
ছাত্ৰী গৰাকী মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৷ পৰিয়ালৰ অভিযোগ অংক নোৱাৰাৰ বিনিময়ত মাৰপিট (Beaten) কৰিছিল ছাত্ৰীগৰাকীক ৷ লগতে এটা কোঠাত অভিভাৱকক নজনোৱাকৈ ১ ঘণ্টা বন্ধ কৰি থোৱা অভিযোগ পৰিয়ালৰ৷
ছাত্ৰীৰ মাতৃৰ ভাষ্য-
অৱশ্যে পৰবৰ্তী সময়ত প্ৰধান আচাৰ্যয়ে অভিভাৱকক খবৰ দিয়ে ঘটনা সন্দৰ্ভত ৷ অভিভাৱকৰ মন্তব্য মতে প্ৰথমে শ্ৰেণীকোঠাত হাতত প্ৰচণ্ডভাৱে আঘাট পাই বিদ্যালয়ৰ প্ৰধান আচাৰ্যৰ কোঠালৈ যাবলৈ লওঁতে পাছ ফালৰ পৰা পুনৰ পিঠিত প্ৰহাৰ কৰে যাৰ ফলত পুণৰ পিঠিত তেজ ওলাই যোৱাকৈ আঘাত পায় ৷
ইয়াৰ উচিত ব্যৱস্থা দাবী কৰে ৷ কিন্তু এগৰাকী নৱম মানৰ ছাত্ৰীক প্ৰহাৰ কৰা এই ঘটনা সহজভাৱে লোৱা নাই অভিভাৱকে ৷ এই ঘটনাৰ খবৰ পাই মৰিগাঁও জিলা শিক্ষা বিভাগৰ কাৰ্যালয়ৰ পৰা এজন বিষয়াৰ দাৰা সমগ্ৰ বিষয়টো তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে বিদ্যালয়ৰখনত বিষয়াজন উপস্থিত হৈ লিখিত ভাষ্য গ্ৰহণ কৰে ৷
সমগ্ৰ ঘটনাৰ বিষয়ে প্ৰধান আচাৰ্যই ঘটনাৰ সত্যতা স্বীকাৰ কৰি এনে ঘটনা অনুচিত বুলি মন্তব্য কৰাৰ লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষক পাৰ্থ প্ৰতিম নাথক তৎকালীনভাৱে বিদ্যালয়ৰ পৰা অব্যাহতি দিয়ে ৷
Photo & Input: মৃগাংক মেধি
Discussion about this post