প্ৰায় ২ বছৰ কাৰাগাৰত বন্দী হৈ থকাৰ পিছত ১ জুলাইত মুকলি আকাশৰ তললৈ আহিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। চাবুৱা আৰু চানমাৰী থানাৰ গোচৰত NIAৰ আদালতে দোষমুক্ত ঘোষণা কৰিছিল গগৈক। মুকলি আকাশৰ তললৈ অহাৰ পিছতে GMCHৰ পৰা নিজে ডিচাৰ্জ লৈ শিৱসাগৰত বাহৰ পাতি আছে অখিল গগৈ।
বিধায়কগৰাকীৰ মুকলিৰ পিছতে সমৰ্থকসকলৰ লগতে সমষ্টিবাসীও হৈ পৰিছিল উৎফুল্লিত। কিন্তু এতিয়াও বিপদে লগ এৰা নাই অখিলৰ। কাৰণ NIAই এতিয়াও পিছ এৰা নাই অখিল গগৈৰ।
চানমাৰী আৰু চাবুৱা থানাৰ গোচৰত নিয়া আদালতে অখিল গগৈক দোষমুক্ত ঘোষণা কৰাৰ পিছত, এইবাৰ NIAই কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ NIAই চানমাৰী আৰু চাবুৱা থানাৰ গোচৰত NIA আদালতে অখিল গগৈৰ সপক্ষে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন জনাইছে।
এতিয়া সেই একেটা প্ৰসংগকে উত্থাপন হৈছে যে, পুনৰ বন্দীত্বৰ জীৱন যাপন কৰিব লাগিব নেকি অখিল গগৈয়ে?
Photo: Google
Discussion about this post