স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নতুন SOP ঘোষণা। নতুন SOPৰ নীতি-নিয়ম কাইলৈৰ পৰা হ’ব কাৰ্যকৰী। সংবাদমোলযোগে এই নিৰ্দেশণাসমূহ ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। কাইলৈ অৰ্থাৎ সাত জুলাইৰ পৰা পৰৱৰ্তী সাতদিনৰ বাবে বলবৎ হৈ থাকিব এই নতুন নিয়মাৱলী।
ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৭খন জিলাত ২৪ ঘণ্টাই সান্ধ্য আইন ঘোষণা। জিলাসমূহ ক্ৰমে- গোৱালপাৰা, মৰিগাঁও, গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাখ আৰু শোণিতপুৰ জিলা। এই জিলা কেইখনত কেৱল সন্ধিয়া ৫ বজালৈ অত্যন্ত প্ৰয়োজনীয় সামগ্ৰীৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।
১৬খন জিলাত দুপৰীয়া ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন: শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাগচা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাচাৰ আৰু কাৰ্বি আংলং জিলাত বাহাল থাকিব এই নীতি-নিৰ্দেশনা।
৫ বজাৰ পৰা সান্ধ্য আইন, ৪ বজালৈ দোকান পোহাৰ খোলা ৰাখিব পাৰিব এই কেইখন জিলাত। ধুবুৰী, কামৰূপ মহানগৰ, দক্ষিণ শালমাৰা , মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি।
পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব। জৰুৰী সেৱা, অত্যাৱশ্যকীয় সেৱাসমূহ বাধাহীন ভাৱে চলি থাকিব।
সম্পূৰ্ণ সান্ধ্য আইনৰ অধীনৰ জিলাসমূহত ঔদ্যোগিক উৎপাদনমূলক কামকাজ, চাহ বাগিচাৰ নিয়মীয়া কামকাজ ক’ভিড প্ৰট’কল অনুসৰণ কৰি চলি থাকিব।
Photo: Google





























Discussion about this post