মঙলবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক’ভিডৰ নতুন SOP ঘোষণা কৰে। কাইলৈ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব এই নতুন SOPৰ নীতি-নিৰ্দেশনা।
এইবাৰৰ SOPত আছে কি নতুনত্ব-
১. সম্পূৰ্ণ কাৰ্ফিউ থকা ৫ খন জিলাৰ পৰা ৩খন জিলা বাদ পৰিল। কাইলৈৰ পৰা দুখন জিলাতহে থাকিব সম্পূৰ্ণ কাৰ্ফিউ।
২. গোলাঘাট আৰু লখিমপুৰত বাহাল থাকিব সম্পূৰ্ণ কাৰ্ফিউ।
৩. যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত শিথিল কৰা হ’ল কাৰ্ফিউ।
৪. যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈকে থাকিব কাৰ্ফিউ।
৫. কামৰূপ মহানগৰত পূৰ্বৰ দৰে ৪ বজাত বন্ধ কৰিব লাগিব দোকান-পোহাৰ। বিয়লি ৫ বজাৰ পৰা আৰম্ভ হ’ব কাৰ্ফিউ।
৬. পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত। ৰাজহুৱা পৰিবহন ব্যৱস্থা বন্ধ থাকিব।
৭. অন্যান্য নিৰ্দেশনাসমূহ পূৰ্বৰ দৰেই বাহাল থাকিব।
Photo: Google





























Discussion about this post