বোৱাৰীয়েকৰ হাতত লাঞ্চিত শাহুৱেক। নাজিৰাত বোৱাৰীয়েকৰ নিৰ্যাতনৰ বলি শাহুৱেক। শাহুৱেকক ৰাজনৈতিক দলৰ ভাবুকি দি আহিছে বোৱাৰীয়েকে।
শাহুৱেকে বোৱাৰীয়েকৰ বিৰুদ্ধে, বোৱাৰীয়েকে শাহুৱেকৰ পৰিয়ালৰ বিৰুদ্ধে থানাত দিলে এজাহাৰ।
যি সময়ত মুখ্যমন্ত্ৰীয়ে পিতৃ-মাতৃক পুত্ৰ,কন্যা, বোৱাৰীয়েকে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছিল ঠিক সেই সময়তে নাজিৰাৰ এগৰাকী দুৰ্ভগীয়া শাহুৱেক বোৱাৰীয়েকৰ নিৰ্যাতনৰ বলিৰ ঘটনা পোহৰলৈ আহিছে।
নাজিৰা শিমলুগুৰিৰ লাহনগাঁৱত বোৱাৰীয়েক ৰুবী লাহনৰ হাতত লাঞ্চিত হ’বলগীয়া হৈছে ৫৯বছৰীয়া শাহুৱেক তুলতুল লাহন।
বোৱাৰীয়েকে শাহুৱেকৰ ওপৰত যিকোনো কথাতেই চলোৱা নিৰ্যাতন আৰু অত্যচাৰ পাইছেগৈ বৰ্তমান আৰক্ষী থানাৰ মজিয়া।
শিমলুগুৰি লাহন গাঁৱৰ ৰুবী লাহন নামৰ এগৰাকী বোৱাৰীয়ে আজি প্ৰায় কেইবামাহো ধৰি শাহুৱেকক সম্পত্তিৰ লালসাত নিৰ্যাতন আৰু মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ ৫৯বছৰীয়া শাহুৱেক তুলতুল লাহনৰ।
২০০৭ বৰ্ষত শিমলুগুৰিৰ লাহন গাঁৱৰ সৈতে বিক্ৰম লাহন বিবাহপাশত আৱদ্ধ হোৱাৰ কেইবামাহৰ পিছতেই শাহুৱেকক চলাই গৈছিল নিৰ্যাতন আৰু মানসিক অত্যাচাৰ।
২০২০বৰ্ষত বিক্ৰম লাহনৰ মৃত্যুত স্বামীহাৰা ৰুবি লাহনে সম্পত্তিৰ লালসাত পুনৰ ৫৯ বছৰীয়া শাহুৱেক তুলতুল লাহনক চলাই গৈছিল অকথ্য নিৰ্যাতন আৰু মানসিক অত্যাচাৰ।
মাজে সময়ে বিজেপিৰো ভয়ো দেখুৱাইছিল শাহুৱেকক। শাহুৱেকক ৰুবী লাহন নামৰ বোৱাৰীগৰাকীয়ে বিভিন্ন অশ্লীল শব্দৰেও গালি-গালাজ কৰাৰ লগতে মাৰপিট কৰাৰো অভিযোগ উত্থাপন হৈছে।
উপায়ন্তৰ হৈ দুখত ভাগি পৰি শাহুৱেক আৰু পৰিয়ালে ইতিমধ্যে শিমলুগুৰি আৰক্ষী থানাত এজাহাৰ দিয়াৰ লগতে দুৰ্ভগীয়া শাহুৱেকৰ মুখ্যমন্ত্ৰীলৈ আহ্বান ন্যায়ৰ বাবে।
অন্যহাতে বোৱাৰীয়েকে শাহুৱেকৰ সকলো কথাই নস্যাৎ কৰিছে। শাহুৱেকে বোৱাৰীয়েকৰ ওপৰত মিছা অভিযোগ আনিছে বুলি কয় বোৱাৰীয়েক ৰুবী লাহনে। ৰুবী লাহনৰ স্বামী ঢুকোৱাৰ পিছৰ পৰাই শাহুৱেকৰ পৰিয়ালেহে ৰুবী লাহনক অত্যাচাৰ চলোৱাৰ অভিযোগ বোৱাৰীয়েক ৰুবী লাহনৰ।
শাহুৱেকৰ পৰিয়ালে বোৱাৰীয়েক ৰুবী লাহনক থাকিবলৈ আশ্ৰয় নিদিয়াৰ অভিযোগো দাঙি ধৰিলে সংবাদ মাধ্যমৰ আগত ৰুবী লাহনে। এতিয়া উপায়ন্তৰ হৈ বোৱাৰীয়েক ৰুবী লাহনেও উচিত তদন্ত বিচাৰি শিমলুগুৰি আৰক্ষী থানাত শাহুৱেকৰ পৰিয়ালৰ বিৰুদ্ধে দিলে এজাহাৰ।
Photo & Input: ৰূপম শইকীয়া
Discussion about this post