আজি নগাঁৱত (Nagaon) গ্ৰহণ কৰা হ’ব কীৰ্তিকমল বৰা কাণ্ডৰ তদন্তৰ শুনানি। সমগ্ৰ ৰাজ্যতে খলকনি সৃষ্টি কৰা কীৰ্তিকমল বৰা কাণ্ডৰ (Nagaon Firing Case) তদন্তৰ শুনানি আজি গ্ৰহণ কৰা হ’ব। নগাঁৱৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হ’ব এই শুনানি। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ নেতৃত্বাধীন এজনীয়া তদন্ত সমিতিয়ে এই সন্দৰ্ভত নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা এক জাননী জাৰি কৰা হৈছে।
উক্ত জাননীত উল্লেখ কৰা মতে – উক্ত শুনানিত ২২ জানুৱাৰীৰ সন্ধিয়া নগাঁও চহৰৰ কচলুখোৱাৰ তিনিআলিত নগাঁও আৰক্ষীৰ (Nagaon Police) এণ্টি নাৰক’টিক স্কোৱাডৰ দ্বাৰা কীৰ্তিকমল বৰা নামৰ যুৱকজন গুলীবিদ্ধ হোৱা ঘটনাৰ প্ৰত্যক্ষদৰ্শীক অংশগ্ৰহণ কৰি উক্ত ঘটনাৰ ওপৰত তেওঁলোকক সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে নগাঁও জিলাৰ জিলা উপায়ুক্তই।
জাননীত উল্লেখ কৰা মতে, ২৮ জানুৱাৰী অৰ্থাৎ আজি নগাঁও আৱৰ্ত ভৱনত বিয়লি ২ বজাৰ পৰা ৪ বজালৈ সাক্ষ্য গ্ৰহণ কৰা হ’ব। উল্লেখ্য ২২ জানুৱাৰীৰ সন্ধিয়া নগাঁও চহৰৰ কচলুখোৱা তিনিআলিৰ ছাত্ৰ নেতা কীৰ্তিকমল বৰা নিজ ৰুগীয়া মাতৃৰ দৰৱ আনিবলৈ যাওঁতে চিভিল পোছাকত থকা এটা আৰক্ষীৰ দলৰ লগত কোনো কথাত তৰ্ক-বিতৰ্ক হৈছিল। তাৰ পাছতে আৰক্ষী দলটোৰ প্ৰদীপ বনিয়া নামৰ এজন জোৱানে কীৰ্তিকমল বৰা নামৰ যুৱকজনক গুলীচালনা কৰি আহত কৰিছিল।
ইয়াৰ পাছতে নগাঁও আৰক্ষীৰ বিৰুদ্ধে নগাঁৱৰ ছাত্ৰ সমাজ দল সংগঠন ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদক সন্মান জনাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই উক্ত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। ২৩ জানুৱাৰীত অসম আৰক্ষীৰ ADGP জি পি সিঙেও নগাঁৱত উপস্থিত হৈ গুলীচালনা কৰা আৰক্ষী দলটোৰ আটাইকেইজনৰে বিভাগীয়ভাৱে ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে উক্ত ঘটনাৰ উচিত তদন্ত হ’ব বুলি প্ৰতিবাদী জনতাক আশ্বাস দিছিল।
আনহাতে গুলীচালনা সংঘটিত কৰা আৰক্ষী জোৱান প্ৰদীপ বনিয়াও ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই প্ৰথম অৱস্থাত কীৰ্তিকমল ড্ৰাগছৰ লগত জড়িত বুলি সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল যদিও কীৰ্তিকমলৰ পিতৃ-মাতৃ আৰু পৰিয়ালে কোনো কাৰণতে সেই কথা মানি ল’ব বিচৰা নাই। নগাঁৱৰ দল-সংগঠনে অধিক আগ্ৰহেৰে বাট চাইছে তদন্তৰ প্ৰতিবেদনলৈ। প্ৰকৃততে কীৰ্তিকমল বৰা দোষী নে নিৰ্দোষী সেই কথা তদন্ত কমিটিৰ প্ৰতিবেদন দাখিলৰ পিছতহে পোহৰলৈ অহিব।
ইতিমধ্যে আৰক্ষীৰ হৈছে সাক্ষ্য গ্ৰহণ-
Photo & Input: ৱাহিদুদ জামান
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/monkey-and-dog-video-viral-in-social-media/6342/
Discussion about this post