সামাজিক সংকীৰ্ণতা!
ব্ৰইলাৰ ফাৰ্ম (Broiler Farming) খোলাৰ বাবেই সমাজে তিনি বছৰ ধৰি এঘৰীয়া কৰি ৰাখিলে এটি পৰিয়ালক। নগাঁৱৰ (Nagaon) তুলসীমুখ (Tulsimukh) দেউৰীগাঁৱত (Dewrigaon) সংঘটিত হৈছে সমাজ সংকীৰ্ণতাৰ ঘটনা।
জানিবলৈ দিয়া অনুসৰি, তুলসীমুখ দেউৰীগাৱঁৰ অপূৰ্ব দাস নামৰ নিবনুৱা যুৱকজনে প্ৰায় তিনি বছৰ পূৰ্বে নিজ ঘৰৰ পাছফালে ব্ৰইলাৰৰ ফাৰ্ম এখন খুলিছিল। ব্ৰইলাৰ পুহি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰাটোৱে সমাজৰ দৃষ্টিত অপৰাধ হ’ল অপূৰ্ব দাস। ব্ৰইলাৰ ফাৰ্মখন খোলাৰ পিছতেই সমাজৰ পৰা ৰাইজে এঘৰীয়া কৰিলে অপূৰ্ব দাসৰ পৰিয়ালটোক।
আজি তিনি বছৰ ধৰি এঘৰীয়া হৈ আছে অপূৰ্ব দাসৰ পৰিয়ালটো ।আনকি কেৱল অপূৰ্ব দাসকেই নহয় তেওঁৰ ককাই ভাই, আত্মীয়কো সমাজৰ পৰা এঘৰীয়া কৰি ৰাখিছে ৰাইজে।
যাৰ বাবে দুখ প্ৰকাশ কৰিছে তেওঁৰ বৃদ্ধা মাতৃয়ে। উল্লেখযোগ্য যে, যোৱা লকডাউনৰ সময়চোৱাত অপূৰ্ব দাসে গাঁৱৰ বহু পৰিয়ালক খাদ্য সামগ্ৰীও যোগান ধৰিছিল। কিন্তু তাৰ পিছতো চকু খোল নাখালে ৰাইজৰ। এই কথা পোহৰলৈ অহাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত।
Photo: News8 Northeast
Discussion about this post