জাগীৰোডস্থিত নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলক শীঘ্ৰেই কলনি খালি কৰিবলৈ দিয়া নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
বৰ্তমান চৰকাৰখনক কঠোৰ সমালোচনা কৰি গৰাকীয়ে কয়, “এই নিৰ্দেশ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে পাষাণ হৃদয়ৰ পৰিচয় দিছে। দুখীয়া জনসাধাৰণৰ প্ৰতি নিৰ্দয় এই চৰকাৰ।
কাগজ কলৰ কৰ্মচাৰীয়ে এতিয়া দৰমহাৰ অভাৱত দিন হাজিৰা কৰি চলিব লগা হৈছে। তাৰ পিছত এই চৰকাৰে এইসকল কৰ্মচাৰীক ১৫দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দি পাষাণ হৃদয়ৰ পৰিচয় দিছে।
আমি এয়া কেতিয়াও হ’বলৈ নিদিও। আমি ইয়াৰ প্ৰতিবাদ কৰাই নহয় ইয়াৰ বিৰুদ্ধে প্ৰৱল প্ৰতিৰোধো গঢ়ি তুলিম। প্ৰয়োজনত আমি আন্দোলন কৰিম।”
আনহাতে কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰ কেৱল পুঁজিপটিৰ নিৰ্দেশত চলে বুলি মন্তব্য কৰি সাংসদ গৰাকীয়ে কয়, “এইখন চৰকাৰ পুঁজিপটিৰ চৰকাৰ। পুঁজিপটিৰ নিৰ্দেশতহে বৰ্তমান ভাৰত চৰকাৰ চলিছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post