ৰাজ্যত ভয়ংকৰ ৰূপত দেখা গৈছে হাতী মানুহৰ সংঘাত (Human And Wild Elephant Clash)। এইবাৰ দুধনৈ (Dudhnoi) মাটিয়াত (Matia) বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ (Mother And Son Died Wild Elephant Attack)। সোমবাৰে পুৱতি নিশা সংঘটিত হয় এই শোকাৱহ ঘটনাটো (Tragic Incident)। হাতীৰ গচকত একেলগে প্ৰাণ হেৰুৱালে মাতৃ আৰু পুত্ৰই।
৪ বছৰীয়া পুত্ৰৰ নিথৰ দেহ পৰি ৰ’ল মাতৃৰ নিথৰ দেহৰ কাষতে। কাৰিপাৰা টিলাপাৰাত সংঘটিত হৈছে এই কৰুণ ঘটনা। হাতীৰ গচকত থিতাতে নিহত হ’ল মাতৃ মঞ্জিলা খাতুন আৰু পুত্ৰ মিনহাজুল হক (৪) ৷ ৰাক্ষসিনী গাৰোপাৰাত ঘৰ মৃত মাতৃ-পুত্ৰৰ ৷
ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল মঞ্জিলা খাতুন ৷ ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত। ইফালে এই ঘটনাৰ পিছতে পৰিয়ালটোত কান্দোনৰ ৰোল। ইয়াৰ পূৰ্বেও এই অঞ্চলটোত বনৰীয়া হাতীৰ আক্ৰমণত বহু লোকৰ প্ৰাণ গৈছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।
Photo & Input: Khatang Khobor





























Discussion about this post