অৱশেষত ধিং থানা এলেকাত ড্ৰাগ্ছৰ মুকলি বেহা কৰা পলাতক মধ্য অসমৰ ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া নজৰ ফকিৰ শনিবাৰে আটক। মৰিগাঁৱৰ মৈৰাবাৰী থানা আৰক্ষীয়ে আটক কৰে ড্ৰাগছ মাফিয়াটোক।
মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কৰায়ত্ত্ব কৰে নজৰ ফকিৰক। নজৰ ফকিৰে ধিং থানা এলেকাৰ নিজ ধিঙত ভঙা চিঙা লোহা টিনৰ গুদাম বনাই একাংশ শিশুক ঠেলাৰে বিভিন্ন প্ৰান্তলৈ ভঙা লোহা টিন বিচাৰি ক্ৰয় কৰা কামত লগাইছিল।
কিন্তু সেই কণ কণ শিশুসকলক ভঙা ছিগা লোহা টিনৰ মাজতে পঠাই দিয়ে ড্ৰাগছ, ব্ৰাউন ছুগাৰ। কণ কণ শিশুসকলেই ড্ৰাগছ সেৱকসকলক ভগা ছিগা টিন লোহা প্লাষ্টিক ক্ৰয় কৰাৰ চলেৰে ব্ৰাউন চুগাৰো সৰবৰাহ কৰে।
ধিং থানা এলেকালৈ শিলিগুৰি আদিৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আনি মৈৰাবাৰী, লাহৰীঘাট, ৰূপহী, জুৰিয়া, জাজৰি আদি বিভিন্ন স্থানলৈ সৰবৰাহ কৰিছিল।
দৰিদ্ৰ পিতৃ-মাতৃয়ে নিজৰ কণমানি সন্তানক নজৰৰ তাত কাম কৰিবৰ কাৰণে সামান্য টকাৰ বিনিময়ত পঠাই যদিও এই সুযোগতে সেই কণমানিহঁতক প্ৰথমে নজৰে ভগা পুৰণি লোহা, টিন, প্লাষ্টিক বিভিন্ন প্ৰান্তৰ পৰা ক্ৰয় কৰা, ভেড়া ৰখা আদি কামত লগাই।
তাৰ পিছতে শিশুবোৰৰ ঠেলাত ভগা-ছিগা সামগ্ৰীৰ মাজত সুমোৱাই ব্ৰাউন ছুগাৰ সৰবৰাহ কৰা কামত। পূৰ্বে শিশুক ব্ৰাউন ছুগাৰ সেৱন কৰিবলৈ শিক্ষা দিয়াৰ দৰে কামত নজৰ ফকিৰ জড়িত।
আনকি ড্ৰাগছ সৰবৰাহৰ দৰে কামত সন্মত নোহোৱা শিশুক স্কুপ ড্ৰাইভাৰ জুইত গৰম কৰি তেনে শিশুৰ ভৰিত সুমুৱাই জঘন্য শাস্তি দিয়াৰ বাতৰিও পূৰ্বে কাকতত প্ৰচাৰ হৈছিল। কিন্তু ইমানৰ পিছতো ধিং থানাক মেনেজ কৰি নজৰ ফকিৰে ১০-১৫ বছৰে চলাই আহিছে ড্ৰাগছৰ সৰবৰাহ।
নগাঁও জিলাত আনন্দ মিশ্ৰৰ নিযুক্তিৰ পিছতে নজৰ ফকিৰে প্ৰায় দুমাহ চহৰাঞ্চলত পলাই থাকে। আৰু আজিৰ পৰা এমাহৰ আগত সামান্য পৰিমানৰ ড্ৰাগছৰ সৈতে নজৰে নিজৰ পত্নীক ধিং আৰক্ষীৰ দ্বাৰা কৰায়ত্ত্ব কৰাই পুণৰ সক্ৰিয়ভাৱে চহৰাঞ্চলৰ পৰাই সৰবৰাহ কৰিছিল ড্ৰাগছ ব্ৰাউন ছুগাৰ।
কিন্তু আজি নজৰ ফকিৰ মৈৰাবাৰী থানা এলেকাৰ হাতীমুৰীয়া অঞ্চল তথা মৈৰাবাৰী উন্নয়ন খণ্ডৰ সন্মুখত কোনো সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰিবলৈ ৰৈ থাকোতেই আটক কৰে।
এক গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কৰায়ত্ত্ব কৰিবলৈ সক্ষম হ’ল দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া নজৰ ফকিৰক। মৈৰাবাৰী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ২২৩/২১ নম্বৰত এটি গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে।
Photo & Input: মুস্তাফিজুৰ আহমেদ
Discussion about this post