মৰিগাঁও (Morigaon) মিকিৰগাঁৱত (Mikirgaon) উত্তেজনা ৷ প্ৰায় ৩ /৪ ঘণ্টা জোৰা এক শ্বাসৰূদ্ধকৰ পৰিৱেশ ৷ এগৰাকী মহিলাই হাতত এটা পানী কেচুৱা লৈ গাঁওখনৰ মছজিদৰ নিৰ্মাণ চলি থকা চাদৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যাৰ (Suicide) চেষ্টা কৰে ৷
অভিযোগ মতে স্বামী ৰিয়াজুৎদ্দিন আহমেদে দীৰ্ঘদিন ধৰি মানসিক শাৰীৰিক অত্যাচাৰ (Physical & Mental Harrasment) কৰি আহিছিল ৷ এই সন্দৰ্ভত জালুগুটি আৰক্ষী (Jaluguti Police)পহৰা চকীত স্বামী আৰু স্বামীৰ পৰিয়ালৰ মুঠ ৪ জন আচামী বিৰুদ্ধে গোচৰ তৰিছিল ৷
স্বামী (Husband) ৰিয়াজুৎদ্দিনৰ পৰিয়ালৰ মিহিৰ বেগম, নুৰেজা বেগম, হৰেজা ৷ অভিযোগ মতে আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা নলৈ আজগৰ নামৰ এজন দালালৰ মধ্যস্থতাকাৰীত ১২ নৱেম্বৰত দিয়া গোচৰটোত কেৱল যৌতুক জনিত ৪৯৮ ধাৰা লগাই সকলো গাপ দিয়াৰ চেষ্টা কৰিছিল ৷
এজাহকাৰী ভাষ্য মতে কন্যা সন্তান হোবাৰ বাবে মানসিক আৰু শাৰীৰিক অত্যাচাৰ (Physical & Mental Harrasment) কৰে প্ৰতি নিশা ৷ আনকি ২ মহীয়া সন্তানৰ মাতৃ গৰাকীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ মহিলা গৰাকীৰ ৷ পিশাচ ৰূপী স্বামীয়ে পত্নীক খাব নিদিয়াকৈ নিজে ঘৰত ভাত খাই দুৱাৰত তলা লগাই থৈ যায় ৷
আনকি নিজৰ কনমানি দুমহীয়া সন্তানটোকো কোনো খাদ্য পাতি যোগান নধৰে ৷ সকলো ফালৰ পৰা নিৰাশ হৈ মিকিৰগাঁৱৰ মছজিদৰ চাদত উঠি আত্মহত্যাৰৰ কৰিবলৈ উপস্থিত হোৱাত প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে SDRF মাতে যদিও বহু দেৰিকৈ কোনো ব্যৱস্থাত মহিলা গৰাকীক চাদৰ পৰা নমাব নোৱাৰে ৷
প্ৰায় ৮ ঘণ্টাৰ অন্তত গাঁৱৰ ৰাইজৰ সহযোগত মৰিগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শইকীয়াই কৌশলেৰে মহিলাগৰাকীক শিশুসহ চাদৰ পৰা নমাই আনিবলৈ সক্ষম হয়। আৰক্ষীয়ে তললৈ মহিলাগৰাকীক নমাই অনাৰ পিছতেই গাঁৱৰ ৰাইজ উত্তেজিত হৈ পৰে আৰু লাঠি, শিল, ইটা আদিৰে স্বামী গৃহক আক্রমণ কৰে।
অভিযুক্ত ৰিয়াজুদ্দিনক গ্ৰেপ্তাৰ নকৰাৰ বাবে উত্তেজিত হৈ পৰে গাঁৱৰ ৰাইজ। আৰক্ষীক আক্ৰমণ কৰিব উদ্যত হোৱা ৰাইজৰ টনা আজোৰাত ২ মহীয়া শিশুটিৰ লগত দুখজনক পৰিস্থিতি সৃষ্টি হয়।
পুৱা চাৰি বজাৰ পৰা কষ্টত থকা শিশুটিৰ সৈতে মহিলাগৰাকীক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়ে যদিও স্থানীয় ৰাইজে বাধা প্ৰদান কৰে। পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিত আৰু আৰক্ষীৰ প্ৰতিশ্ৰুতি পৰিস্থিতি খাম কাটে।
আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত সম্পূৰ্ণ নোহোৱালৈ শিশু আৰু মাতৃৰ সকলো থকা খোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰকাশ কৰে। ইয়াতে দেখিবলৈ পোৱা গৈছে যে নিৰ্যাতিত মহিলা গৰাকীয়ে তেওঁক ন্যায় লাগে বুলি বাৰে বাৰে দণ্ডাধীশক ভৰি চুই সেৱা জনায়।
ইতিমধ্যে অভিযুক্ত ৰিয়াজুদ্দিনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে। এই গোটেই ঘটনাটোত আজগৰ নামৰ এজন দালাল জড়িত আছে আৰু এই আজগৰ আলীৰ শাস্তি দাবী কৰিছে ভুক্তভোগী মহিলাই।
Photo & Input: মৃগাংক মেধি
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/man-dies-after-friend-slaps-him-during-drinking/4671/
Discussion about this post