ৰাসৰ (Ras) নৃত্যত বহুৱালি। গুৰুজনাই দি থৈ যোৱা কৃষ্টি সংস্কৃতি প্ৰবিত্র ৰাস নৃত্যত এইবাৰ বহুৱালি কৰিলে মৰিগাঁৱৰ (Morigaon) বৰঙাবাৰীত। প্ৰবিত্র ৰাস মহোৎসৱৰ (Ras Festival) উপলক্ষে দেওবাৰৰ দিনটোত মৰিগাঁৱত অনুষ্ঠিত হৈছিল ল’ৰা ৰাস আৰু এই ল’ৰা ৰাসতে একাংশ শিল্পীয়ে নৃত্যৰ নামত বহুৱালি কৰাৰ লগতে দিছিল flying kiss আৰু কৰিলে বহু উদ্ভণ্ডালি।
যাক লৈ এতিয়া সমগ্ৰ মৰিগাঁৱতে (Morigaon) সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বহুতেই প্ৰশ্ন উত্থাপন কৰিছে যে কিয় বাৰে বাৰে অপমান কৰা হয় গুৰুজনাৰ কৃষ্টি সংস্কৃতি?
মৰিগাঁও ৰাসক্ৰীড়াত হোৱা বহুৱালি সন্দৰ্ভত ৰাস সমিতিৰ অসমবাসীক ক্ষমা ভিক্ষা ৷ পৰৱৰ্তী সময়ত এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৷ মৰিগাঁও পুব বৰঙাবাৰিত যুৱক সংঘই আয়োজন কৰিছিল ল’ৰা ৰাস ৷ ৰাস চলি থকা সময়তে কেইজনমান যুৱকে কৰিছিল ৰাসৰ নামত বহুৱালি ৷ ৰাসৰ নামত কৰা বহুৱালি কৰা সকলৰ হৈও ক্ষমা ভিক্ষা উদ্যোক্তা সকলৰ ৷
Photo & Input: Khatang Khobor
Discussion about this post