মৰিগাঁও আৰক্ষীয়ে (Morigaon Police) নিশা অভিযান চলাই আটক কৰে জুৱাৰ দল ৷ নগদ ধনসহ আটক ৪ জন জুৱাৰী ৷ আৰক্ষী হাতৰ পৰা পলায়ন জুৱাৰী আৰক্ষী বসন্ত বৰা ৷
মৰিগাঁও আৰক্ষীৰ (Morigaon Police) এটা দলে এটা গোপন খবৰৰ ভিত্তিত চহৰৰ খনৰ ফুলবাৰীত এটা ঘৰৰ ভিতৰত চলি থকা জুৱাৰ ঘাটিত অভিযান চলাই ৷ অভিযান কালত ৬ জন লোকে বাসগৃহ ভিতৰত জুৱা খেলি থকা অৱস্থাত পায় ৷
আৰক্ষী দেখি জুৱাৰী দলে বিভিন্ন অজুহাত দেখুৱাই পলায়ন কৰিবলৈ চেষ্টা কৰে ৷ কোনোৱে শৌচালয় আৰু কোনোৱে বিচনাত টোপনিৰ ভাও ৷ আৰক্ষীয়ে শৌচালয়ৰ দুৱাৰ ভাঙি ওলিয়াই আনিলে জুৱাৰীক৷
আনহাতে আৰক্ষীৰ হাতৰ পৰাই ২জন জুৱাৰী পলায় কৰিলৈ সক্ষম হয় আৰু ইয়াৰে এজন আৰক্ষী বিভাগত কৰ্মৰত ৷ অৰ্থাৎ আৰক্ষী হাতৰ পৰাই পথাৰে পথাৰে দৌৰি পলায়ন জুৱাৰী আৰক্ষীৰ ৷
উল্লেখ্য জুৱাৰী দলটোত প্ৰায় সকলে চৰকাৰী কৰ্মচাৰী ৷ মৰিগাঁও সদৰ থানাত আটকাধীন জুৱাৰী ৪ জনক সোধা-পোা অব্যাহত।
Photo & Input: মৃগাংক মেধি
Discussion about this post