ৰাজ্যৰ আটাইতকৈ সুৰক্ষিত স্থান অসম বিধানসভাৰ সচিবালয়ৰ ভিতৰতো এইবাৰ চকু পৰিল চোৰৰ। সচিবালয়ৰ ভিতৰৰ পৰাই চোৰে লৈ গ’ল গাড়ী। চোৰে কোনো সাধাৰণ লোকৰ গাড়ীও চোৰ কৰা নাই।
কটকটীয়া নিৰাপত্তা তথা CCTV কেমেৰা থকাৰ পিছতো চোৰে চুৰি কৰি লৈ গ’ল প্ৰাক্তন মন্ত্ৰী তথা বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ ইন’ভা গাড়ী। গাড়ীখন চুৰি হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।
ইফালে এই ঘটনাৰ পিছতে আৰক্ষীয়ে ৩জন লোকক আটক কৰিবলৈ সক্ষম হৈছে। বিধায়কগৰাকীৰ গাড়ীৰ চালকে চুৰি কৰি লৈ গৈছিল বাহনখন।
ড্ৰাইভাৰে চুৰি কৰি লৈ যোৱা গাড়ীখন নুমলীগড়ত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে পোহৰলৈ আহে সমগ্র ঘটনা।
আৰক্ষীয়ে আটক কৰিছে হাৰেচ আলী,ছফিকুল আহমেদ আৰু আৰিফুল আলীক। ইফালে গাড়ীখনৰ চালকক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ফণীভূষণ চৌধুৰীৰ ইন’ভা গাড়ীখন চুৰি কৰা চালকক সহযোগ কৰিছিল ৰকিবুল হুছেইনৰ ড্ৰাইভাৰে।
কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে যদি ৰাজ্যৰ আটাইতকৈ সুৰক্ষিত স্থান আৰু এজন বিধায়কৰ গাড়ী চুৰি কৰি লৈ যাব পাৰে তেন্তে সাধাৰণ লোকৰ নিৰাপত্তা আছে ক’ত?
Photo: Google




























Discussion about this post