পৰিকল্পিতভাৱে দুৰ্ঘটনা সংঘটিত কৰি হত্যাৰ চেষ্টা নগাঁৱৰ এজন ফলমূল ব্যৱসায়ীক। চালকসহ ছয়জন লোকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু।
নগাঁও-জুৰীয়া গড়কাপ্তানী পথৰ চিলঙনীত পৰিকল্পিতভাৱে এক পথ দুৰ্ঘটনা সংঘটিত কৰি এজন ফল ব্যৱসায়ীক হত্যাৰ চেষ্টা চলোৱাৰ এক ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।
অভিযোগ অনুসৰি, স্থানীয় নাৰমাৰী গাঁৱৰ মফিজ উদ্দিন নামৰ ফল ব্যৱসায়ীজন পুৱা নগাঁও চহৰলৈ নিজৰ কৰ্তব্যস্থানলৈ নিজৰ এ এছ-০২কে-৭২৪৭ নম্বৰৰ স্কুটিৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এ এছ-১২এচি-৭০৮৬ নম্বৰৰ এখন ট্ৰেভেলাৰে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত হয়।
পিছত তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। দুৰ্ঘটনাটোত লোকজনৰ এখন ভৰি আৰু বুকুৰ হাড় ভাঙে যদিও বৰ্তমান তেওঁ সংকটমুক্ত।
অৱশ্যে ঘটনাটো সংঘটিত হৈছিল বিগত ১৪ জুলাইৰ পুৱা প্ৰায় ৬.৩০ বজাত। উল্লেখ্য স্কুটিখনৰ চালক তথা ব্যৱসায়ী মফিজ উদ্দিন বিপৰীত দিশৰ পৰা যাত্ৰীবিহীন ট্ৰেভেলাৰ গাড়ীখন অতি বিপদজনকভাৱে অহা দেখি তেওঁ স্কুটিখন ৰাস্তাৰ কাষত ৰখাই দিয়ে।
ইয়াৰ পিছতো ট্ৰেভেলাৰখনে তেওঁক খুন্দিয়াই তীব্ৰবেগে পলায়নৰ চেষ্টা কৰে যদিও পিছত ৰাইজে বহু দূৰ খেদি খেদি নগাঁও চহৰৰ সমীপৰ বহুৱাভেটিত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
গাড়ীচালক মিথুন পালক আটক কৰি আৰক্ষীক গতাই দিয়াৰ পিছত ঘটনাটো যে দুৰ্ঘটনা নহয় এয়া এক হত্যাৰ পৰিকল্পনা আছিল ; সেই কথা পোহৰলৈ আহে।
আজি সংবাদ মাধ্যমৰ আগত মিথুন পালে এই তথ্য সদৰি কৰি উল্লেখ কৰে যে, চিলঙনী গাঁৱৰ নুৰ মহম্মদ নামৰ এজন গাড়ী চালকে তেওঁক শ্ৰমিক কঢ়িয়াই নিয়াৰ কথা কৈ ট্ৰেভেলাৰখন ভাড়ালৈ আনিছিল।
ঘটনাৰ পুৱা চিলঙনী তিনি আলিত দুয়ো চাহ খুৱাৰ পিছত শ্ৰমিকক উঠাবলৈ বুলি চালকৰ আসনত নুৰ মহম্মদ নিজেই বহি জুৰীয়া দিশে তীব্ৰবেগে গাড়ীখন চলাই নি ফল ব্যৱসায়ী মফিজ উদ্দিনক পৰিকল্পিতভাৱে মহতিয়াই নিছিল।
ইয়াৰ পিছত কিছু দূৰ গৈ চলন্ত গাড়ীৰ পৰা নুৰ মহম্মদ জঁপিয়াই পলাই যায় আৰু সহযোগী চালক মিথুন পালে অতি কৌশলেৰে চালকৰ আসনত বহি আত্মৰক্ষাৰ বাবে গাড়ীখন লৈ পলাবলৈ চেষ্টা কৰে বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে।
লগতে কু-অভিসন্ধিৰে নুৰ মহম্মদে তেওঁক মিছা কথা কৈ গাড়ীখন ভাড়ালৈ আনিছিল বুলিও মন্তব্য কৰে। মন্তব্য যে মফিজ উদ্দিনৰ সৈতে স্থানীয় এজন লোকৰ সৈতে দীৰ্ঘদিন ধৰি এক ভূমি বিবাদ আছিল।
যাৰ বাবে চালক নুৰ মহম্মদক সেই লোকজনে চুপাৰী কিলাৰ হিচাপে নিয়োগ কৰিছিল। ইয়াৰ বিনিময়ত নুৰ মহম্মদে ডেৰ লাখ টকা লৈছিল।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী মফিজৰ পৰিয়ালৰ লোকে ইতিমধ্যে নগাঁও আৰক্ষী অধীক্ষকক গাড়ী চালক নুৰ মহম্মদ সহ ছয়জন লোকৰ বিৰুদ্ধে এক লিখিত অভিযোগ দিয়ে।
ইয়াৰ পিছত স্থানীয় হয়বৰগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৩০৭/৩২৫/৫০৬/১২০(বি)/৩৪ ধাৰাৰ অধীনত ১৫৯৫/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে যদিও আজি ২০ দিন উকলি যোৱাৰ পিছতো কোনো লোকক আটক নকৰাৰ অভিযোগ কৰিছে ভুক্তভোগীৰ পৰিয়ালৰ লোকে।
Photo: Khatang Khobor
Discussion about this post