বাক্সাৰ কাজিয়ামাটি গাঁৱত ডিঙি কাটি হত্যাৰ চেষ্টা এজন লোকক। নিশা সিন্ধি খান্দি গৃহত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই। বাক্সা জিলাৰ লাৱদাংগুৰী আৰক্ষী চকীৰ অন্তৰ্গত কাজিয়ামাটি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি ডিঙি কাটি হত্যাৰ চেষ্টা বিল্লাল হুছেইন নামৰ এজন লোকক। নিশা সিন্ধি খান্দি গৃহত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে ডিঙিত ঘপিয়াইছিল দুৰ্বৃত্তই। তাৰ পিছতে গুৰুতৰভাৱে আহত হয় বিল্লাল হুছেইন নামৰ লোকজন।
পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰাত অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰিবলৈ সক্ষম হয় দুৰ্বৃত্ত।
তাৰ পিছতে গুৰুতৰভাৱে আহত লোকজনক বৰপেটাস্থিত ফকৰউদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ(FAAMC) প্ৰেৰণ কৰে স্থানীয় লোকে। পুৱাই স্থানীয় লাৱদাংগুৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
তদন্তৰ অন্ততহে এই শিহৰণকাৰী ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হ’ব। উল্লেখ্য দুই সন্তানৰ পিতৃ কৃষক বিল্লাল হুছেইন হুছেইন বৰ্তমানেও সংকটজনক অৱস্থাত FAAMCত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
দুৰ্বৃত্তক শীগ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ABMSUৰ শালবাৰী জিলা সমিতিৰ সভাপতি স্বাইজুদ্দিন খণ্ডকাৰে দাবী জনাইছে।
Photo & Input: জাহিৰুল ইছলাম
Discussion about this post