নগাঁও পানীখাইটিত দুৰ্বৃত্তৰ গুলীচালনা ৷ দুৰ্বৃত্তই গুলীচালনা কৰি লুটি নিলে SBI বেংকৰ CSPৰ ধন ৷ দুৰ্বৃত্তৰ গুলীত আহত হৈছে হাফিজুল শ্বেখ নামৰ CSPটোৰ কৰ্মচাৰী এজন।
বাইকত অহা তিনি দুৰ্বৃত্তই গুলীচালনা কৰি বেংক CSPটোৰ কৰ্মচাৰীৰ হাতত থকা ধনৰ টোপোলা লৈ ঘটনাস্থলীৰ পৰা উধাও হয় ৷ আহত CSPটোৰ কৰ্মচাৰী হাফিজুল বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৷
CSPটোৰ সন্মুখতে সংঘটিত হয় এই গুলীচালনা আৰু ধন লুটৰ ঘটনা। ঘটনাটোৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post