হঠাৎ ৰাজ্যত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল (Electricity Bill)। কিছুমান কিছুমান ঘৰৰ বিদ্যুতৰ বিল আগৰ বিলৰ তুলনাত যথেষ্ট বৃদ্ধি হৈছে। যাৰ বাবে এই মূল্যবৃদ্ধিয়ে প্ৰায়ে লোকক আচৰিত কৰি তুলিছে। বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা প্ৰসংগক লৈ এতিয়া ছচিয়েল মিডিয়াত যথেষ্ট চৰ্চা হৈ (Social Media Issue) পৰিছে।
প্ৰায়ে লোকৰ অভিযোগ উত্থাপন হৈছে যে- নতুন ডিজিটেল মিটাৰ ব্যৱহাৰৰ পিছতে বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে।
ইফালে বিদ্যুতৰ বিল বৃদ্ধি হোৱা প্ৰসংগত এপিডিচিএলে (APDCL) দাঙি ধৰিছে অদ্ভূত যুক্তি। এপিডিচিএলৰ (APDCL) পিপি এণ্ড ডি মুখ্য মহাপ্ৰৱন্ধকে স্বাক্ষৰ কৰা জাননীত লিখা অনুসৰি, ‘যোৱা কেইমাহমানত বহু গ্ৰাহকৰ মাহেকীয়া বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ কাৰণ এইটো হ’ব পাৰে যে, জুলাই আৰু আগষ্ট মাহত প্ৰচণ্ড গৰম আৰু বিগত মাহবোৰৰ তুলনাত কম বৰষুণৰ বাবে বিদ্যুতৰ ব্যৱহাৰ যথেষ্ঠ বৃদ্ধি পাইছে।’
লগতে বিদ্যুৎ মাচুল বৃদ্ধিক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika) কয় যে- ‘চৰকাৰী চাকৰিয়ালৰ প্ৰতিমাহে দৰমহা বাঢ়ে। গতিকে বিদ্যুৎ মাচুল বঢ়াতো ডাঙৰ কথা নহয়। প্ৰতিমাহে ২০০–৩০০-৫০০ টকাকৈ বৃদ্ধি পাই দৰমহা। নিয়মমাফিক মাচুল বাঢ়িবই, বেছি বাঢ়িলে আমি ব্যৱস্থা গ্ৰহণ কৰিম।’
Photo: Google
Discussion about this post