বান সমস্যাৰ বুজ ল’বলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত মন্ত্ৰী অতুল বৰাৰ (Minister Atul Bora) কনভয়ৰ বাহন (Convoy Car Accident)। দুৰ্ঘটনাটোত কোনো লোক নিহত হোৱা নাই যদিও গুৰুতৰভাবে আহত ৪জন লোক (4 Person Critically Injured)।
হোজাইলৈ (Hojai) গৈ থকা সময়তে জোৰাপুখুৰীৰ বৰবহাত দুৰ্ঘটনাত পতিত হয় মন্ত্ৰীগৰাকীৰ দেহৰক্ষীৰ এখন বাহন। দুৰ্ঘটনাটোত ৪জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
আহত লোককেইজনৰ নাম ক্ৰমে প্ৰেমেশ্বৰ বৰা, ধৰণী শইকীয়া, ভৰত চন্দ্ৰ বৰা আৰু মজমুল হক বুলি জানিব পৰা গৈছে। আহত আটাইকেইজন লোককে চিকিৎসাৰ বাবে ততাতৈয়াকৈ হোজাই জিলা হাস্পতালত (Hojai District Hospital) ভৰ্তি কৰোৱা হৈছে।
Photo: News8 Northeast
Discussion about this post