দুৰ্নীতি,অনিয়ম, কেলেংকাৰী আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ তেজখোৱা এজন প্ৰধান শিক্ষক। ৰাইজে উত্তম মাধ্যম দি চোঁচৰাই ঠেলি-হেচি বিদ্যালয়ত সোমোৱাই তলা মাৰিলে নিৰ্লজ্জ প্ৰধান শিক্ষকক ।
প্ৰধান শিক্ষকৰ ঘৰৰ ভড়ালৰ পৰা ৰাইজে উদ্ধাৰ কৰিলে ছাত্র-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল। বিদ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ।
এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক একাংশ লোকে চোঁচৰাই ঠেলি হেচি বিদ্যালয়ত সোমোৱাই তলা মাৰি আটক কৰিছে। বহু সময় ধৰি আটক হৈ থকাৰ পিছত চেগ বুজি পাছফালৰ পৰা বেৰ ভাঙি পলায়ন কৰিলে প্ৰধান শিক্ষকগৰাকীয়ে। অকল এয়াই নহয়, বিগত পাঁচটা বছৰে এইজন প্ৰধান শিক্ষকে দখল কৰি আহিছে বাতৰিৰ শিৰোনাম । কিন্তু ভাল কামৰ বাবে নহয়, তেওঁৰ কুকীৰ্তিৰ বাবেহে । পিছে কত সংঘটিত হৈছে এনে নোহোৱা নোপোজা কাণ্ড।
নিৰ্লজ্জ কাণ্ডৰে ভণ্ডামিৰ সীমা অতিক্ৰম কৰা এইজন নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত শলগুৰি ৰা-সূতি পাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মতিন। অ’ SORRY,মতিন নহয় “MORTIN”হে । কাৰণ, দুৰ্নীতিৰ সদাগৰ ৰূপী তথা দৰিদ্ৰ ছাত্র-ছাত্ৰীৰ তেজখোৱা এইজন নিৰ্লজ্জ প্ৰধান শিক্ষকক অঞ্চলটোৰ ৰাইজে MORTIN বুলিহে জানে।
কিয়নো ম’হ খেদা বিষাক্ত মৰ্টিন আৰু এইজন মতিনৰ মাজত নাই কোনো প্ৰাৰ্থক্য। এইজন দুৰ্নীতি-কেলেংকাৰীৰ সদাগৰ ৰূপী প্ৰধান শিক্ষকৰ বিৰুদ্ধে ইমানেই অভিযোগ আছে যে সেয়া কৈ কৈ শেষ কৰিব নোৱাৰি।
বিশেষকৈ মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ আন্তঃগাঠনিৰ ধন লৈকে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজ আৰু অভিভাৱকৰ। কেইবামাহ ধৰি লকডাউনৰ অচিলা লৈ প্ৰধান শিক্ষকজনে বিতৰণ কৰা নাছিল বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল আৰু ধন।
অৱশেষত স্থানীয় ৰাইজৰ হেচাত দেওবাৰে ৮ বস্তা চাউল আৰু ১৯০০০ টকাৰ বিপৰীতে ৩০০০ টকাসহ এবস্তা চাউল লৈ বিদ্যালয়ত উপস্থিত হয় এইজন তেজপীয়া প্ৰধান শিক্ষক। দৰিদ্ৰ ছাত্র-ছাত্ৰীৰ নামত চৰকাৰে যোগন ধৰা চাউল আৰু ধন আত্মসাৎ কৰিব বিচৰাত ক্ষোভিত ৰাইজ উত্তেজিত হৈ পৰে।
ৰাইজৰ উগ্ৰ ৰূপ দেখি পলায়ন কৰিবলৈ চেষ্টা কৰা এইজন দুৰ্নীতি পৰায়ন প্ৰধান শিক্ষকক উত্তম মাধ্যম দি ঠেলি হেচি চোঁচৰাই বিদ্যালয়খনত সোমোৱাই বাহিৰৰ পৰা তলা মাৰি আৱদ্ধ কৰি ৰাখে বহু সময়।
আৰু এটা সময়ত চেগ বুজি বিদ্যালয়ৰ বেৰ ভাঙি পাছফালেদি পলায়ন কৰি ৰক্ষা পৰে। আৰু তাৰ পিছতেই বিদ্যালয়খনত স্থানীয় ৰাইজে মতিন মাষ্টৰৰ দুৰ্নীতি, কেলেংকাৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
পিছত ৰাইজে মাষ্টৰৰ ঘৰৰ ভড়ালৰ পৰা উদ্ধাৰ কৰিলে আঠ বস্তা মধ্যাহ্ন ভোজনৰ চাউল। ছাত্ৰ-ছাত্ৰীৰ বাবে অহা চাউল মাষ্টৰে নিজৰ ছাগলীক খোৱাৰো আছে অভিযোগ। লকডাউনত ছাত্র-ছাত্ৰীৰ নামত আৱণ্টিত ৯ কুইণ্টেল চাউলো আত্মসাৎ কৰিলে এইজনে।
এইজন দুৰ্নীতি পৰায়ন মতিন মাষ্টৰৰ দুৰ্নীতি তদন্ত কৰিবলৈ ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক দাবী কৰি আহিছিল যদিও ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ বিভাগীয় বিষয়াৰ বিৰুদ্ধে ।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post