নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ বেঙেনাআটি গাঁও পঞ্চায়তে এম জি এনৰেগা আঁচনিৰ বিভিন্ন আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ ঘটনা পোহৰলৈ আহিছে।
উত্থাপিত অভিযোগ অনুসৰি, বেঙেনাআটি গাঁওপঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদত ভূমি উন্নয়ন আৰু ৰাবাৰ গছ ৰোপণৰ বাবে বেঙেনাআটি গাঁওপঞ্চায়তে এম জি এনৰেগা আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষত ৩,৬৪,৭১৯ টকা আবণ্টন লাভ কৰিছিল।
উক্ত আবণ্টিত ধনেৰে বিগত বৰ্ষৰ ১৮ আগষ্টত কাম আৰম্ভ কৰা দেখুৱাই মুঠ ৭টা কিস্তিত ২,৭৪,৭৭০ টকা আদায় লয় যদিও কোনো কাম নকৰাকৈয়ে এই চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই ভয়ংকৰ অনিয়মৰ তথ্য পোহৰলৈ অহাৰ পিছতে পঞ্চায়তটোৰ একাংশ সচেতন ৰাইজ পঞ্চায়তটোৰ কৰ্মকৰ্তাসকলৰ বিৰুদ্ধে খঙত খৰ্গহস্ত হৈ পৰে। উক্ত আবণ্টিত আচঁনিৰ ধন পঞ্চায়তটোৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা, গ্ৰাম সেৱক আৰু পঞ্চায়ত সভাপতিয়ে মিলি দুৰ্নীতি অনিয়ম সংঘটিত কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ ৰাইজে অভিযোগ উত্থাপিত কৰে।
পঞ্চায়তটোৰ সভাপতিগৰাকীয়ে প্ৰকৃত জৱকাৰ্ড হিতাধিকাৰীক বঞ্চিত কৰি দালালৰ সহযোগত একাংশ জৱকাৰ্ড ভাড়াত লৈ বেংক বিষয়াক মেনেজ কৰি উক্ত আঁচনিৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
আনহাতে পঞ্চায়তটোৱে এম জি এনৰেগা আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষত ৰাজহুৱা কৱৰ স্থানৰ ভূমি উন্নয়ন আৰু সীমাবেৰ নিৰ্মাণৰ বাবে ২৭,২১, ৭৯০ টকা
আৰু ৰাজহুৱা আঞ্চলিক ঈদগাহৰ ভূমি উন্নয়ন আৰু সীমাবেৰ নিৰ্মাণৰ নামত ২৫,৩০,৩৪২ টকা আবণ্টিত লাভ কৰিছিল।
উক্ত আঁচনি দুটাৰ আবণ্টিত ধনৰ ৰাজহুৱা কৱৰ স্থানৰ ভূমি উন্নয়ন আৰু সীমাবেৰ নিৰ্মাণৰ নামত মুঠ ১২টা কিস্তিত ৫,৬৪,০০৬ টকা আৰু ৰাজহুৱা আঞ্চলিক ইদগাহৰ ভূমি উন্নয়ন আৰু সীমাবেৰ নিৰ্মাণৰ নামত মুঠ ১৮টা কিস্তিত ১১,২৩ ৭৭৬ টকা জৱকাৰ্ডযোগে আদায় লয় যদিও নামমাত্ৰ কাম কৰিয়েই দুয়োটা আঁচনিৰ বাকী ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
এই সন্দৰ্ভত অঞ্চলটোৰ সচেতন ৰাইজে বিষয়টোত বঢ়মপুৰ সমষ্টিৰ বিধায়কৰ হস্তক্ষেপ দাবী কৰাৰ লগতে পঞ্চায়তটোত সংঘটিত অনিয়ম সন্দৰ্ভত এক নিৰপেক্ষ তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৰ্দ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে।
এনেবোৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি কোনো সুফল নোপোৱাত পঞ্চায়তটোৰ ৮ জনকৈ সদস্যই ইতিমধ্যে পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ দিছে।
পঞ্চায়ত সভাপতি হবিবুৰ ইদ্ৰিছ চৌধুৰীৰ বিৰুদ্ধে বিভিন্ন অনিয়মৰ অভিযোগ তুলি ৮জনকৈ ৱাৰ্ড সদস্যই স্বাক্ষৰিত এক অনাস্থা পত্ৰ ইতিমধ্যে নগাঁও জিলা উপায়ুক্ত, পাখিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, নগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া আৰু পঞ্চায়ত সচিবক দিয়া বুলি পঞ্চায়তটোৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post