শনিবাৰে উগ্ৰপন্থীৰ হাতত নিহত হোৱা অসম ৰাইফলছৰ (Assam Rifles) শ্বহীদ জোৱান সুমন স্বৰ্গীয়াৰীৰ (Swahid Suman Sargiyari) অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। মণিপুৰত (Manipur Attack) শণিবাৰে উগ্ৰপন্থীৰ আক্ৰমণত (Terrorist Attack) নিহত হোৱা অসমসন্তান, আছাম ৰাইফলছৰ (Assam Rifles) শ্বহীদ জোৱান সুমন স্বৰ্গিয়াৰীৰ নশ্বৰদেহ আজি পুৱা ৭.৩০ বজাত বিশেষ বিমানেৰে গুৱাহাটীলৈ অনা হৈছিল।
বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অসম চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহত মাল্যাৰ্পণেৰে ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনো কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তই শ্বহীদগৰাকীৰ পৰিয়ালক দেখা কৰাৰ লগতে শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বাক্সাৰ থৈকাৰাকুচিস্থিত বাসগৃহলৈও যায়।
উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ (Swahid Suman Sargiyari) নশ্বৰ দেহ বাক্সাৰ নিজ বাসভৱন আহি পোৱাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। শ্বহীদ সুমনৰ (Swahid Suman Sargiyari) নিজ গাঁও বাক্সা (Baksa) জিলাৰ থেকেৰাকুছিত শোকাকুল পৰিৱেশৰ মাজতে হাজাৰ হাজাৰ জনতাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্বহীদগৰাকীৰ মৃত্যুসংবাদে শোকবিহ্বল কৰি তোলা পত্নীক চিকিৎসা প্ৰদান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বি টি আৰৰ প্ৰশাসন তথা বহু গণ্যমাণ্য ব্যক্তিয়েও জোৱানগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Photo: Khatang Khobor
Discussion about this post