এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে বজালীৰ (Bajali) বৰশিমলা গাঁৱত। গছ কাটিবলৈ গৈ প্ৰাণ হেৰুৱালে প্ৰতাপ ৰয় নামৰ এজন লোকে (Man Dies Trying To Cut Down Tree)। নিজৰ ঘৰতে গছ কাটি আছিল লোকজনে। গছৰ ডাল কাটিবলৈ গছত উঠিছিল প্ৰতাপ ৰয়ে।
ডাল ভাঙি আন এটা ডালত পৰি পেটৰ মাজত ডাল সোমাই থিতাতে মৃত্যুক সাৱটিলে প্ৰতাপ ৰয়ে। বজালী জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰশিমলা গাঁৱত ঘৰ প্ৰতাপ ৰয়ৰ। অতিকে দৰিদ্ৰ প্ৰতাপ ৰয়ে দিন হাজিৰা কৰি পৰিয়াল পালন কৰি আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫০ বছৰ।
চিৰদিনৰ বাবে পত্নীসহ ১২ বছৰীয়া পুত্ৰ আৰু ৮ বছৰীয়া কন্যাক এৰি থৈ যায়। ঘটনাস্থলীত উপস্থিত বেতবাৰী মণ্ডল বিজেপি দলৰ সভাপতি ধনমনি ডেকা। স্থানীয় ৰাইজৰ লগতে মণ্ডল বিজেপি সভাপতি ধনমনি ডেকাৰ অনুৰোধ বজালী জিলাৰ অভিভাৱক মন্ত্ৰী নন্দিতা গাৰ্লোছা (Nandita Garlosa) আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) পৰিয়ালটো জীয়াই থাকিবলৈ সহায় কৰক। প্ৰতাপ ৰয়ৰ মৃত্যুত বৰশিমলা অঞ্চলত শোকৰ ছাঁ।
Photo & Input: কমল ডেকা
Discussion about this post