ছয়গাঁও (Chhaygaon) উদ্যোগিক বিকাশ কেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ধেমালিতে প্ৰহাৰ কৰোতে প্ৰাণ গ’ল বন্ধুৰ (Friend Killed By Friend)। এই ঘটনা সংঘটিত হৈছে NORTH EAST GRANULATORS কোম্পানীত। ‘Main Jhukega Nahi Sala’– পুষ্পা (Pushpa) ছবিখনৰ এই ডাইলগ দি থাকোতে ধেমালিতে প্ৰহাৰ কৰিলে এজন বন্ধুৱে আনজনক।
বন্ধুৰ লোৰ পাইপৰ প্ৰহাৰত নিহত ৰত্নেশ্বৰ দাস। অনাকাংক্ষিত হত্যাত জড়িত মোহন দাস। ৰত্নেশ্বৰ দাসৰ ঘৰ ছয়গাঁৱৰ বালাগাঁৱত। হত্যাকাৰী মোহন দাসৰ ঘৰ বকোৰ চন্দ্ৰপুৰত (Boko Chandrapur)। দুয়ো বাহনত সামগ্ৰী উঠোৱা-নমোৱা কামত নিয়োজিত শ্ৰমিক। প্ৰথমে ধেমালিতে চৰিয়াইছিল ইজনে-সিজনক। তাৰপিছতে হঠাৎ লোৰ পাইপৰে মোহনে মূৰত প্ৰহাৰ কৰে ৰত্নেশ্বৰক। তাৰ পিছত কৰুণ মৃত্যুক সাৱটে ৰত্নেশ্বৰে।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত বকো আৰক্ষী (Boko Police)। মৃতদেহ ৰখা হৈছে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত।
Photo & Input: Khatang Khobor





























Discussion about this post