ৰাজ্যত পুনৰ সংঘটিত হৈছে প্ৰেমজনিত ঘটনা (Love Jihad)। এইবাৰ স্থান চিৰাং (Chirang) জিলাৰ বাসুগাঁও (Basugaon)। বাসুগাঁও নিবাসী এগৰাকী হিন্দু যুৱতীয়ে মাংসৰ দোকানী ইছলাম ধৰ্মাৱলম্বী ছফিউল আনছাৰী নামৰ যুৱক এজনৰ সৈতে কৰিছিল প্ৰেম। প্ৰেম সাগৰত হাবুডুবু খাই অৱশেষত উভয়ে পলাই আহে।
পৰিয়ালৰ লোকে জানিবলৈ দিয়ে অনুসৰি পুৱা যুৱতীগৰাকী ঘৰৰ পৰা প্ৰাতঃ ভ্ৰমণলৈ ওলাই যায় যদিও বহু সময়লৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে।
বহু সময় ধৰি সন্ধান উলিয়াবলৈ চেষ্টা কৰাৰ পিছতো পৰিয়ালৰ লোকে যুৱতীগৰাকীক বিচাৰি নোপোৱাত অৱশেষত বাসুগাঁও আৰক্ষী থানাত (Basugaon Police) নিৰুদ্দেশ হোৱা বুলি এখন এজাহাৰ দাখিল কৰে।
উল্লেখ্য ২২ বছৰীয়া যুৱতীগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে মাতৃয়ে অন্য যুৱকৰ সৈতে বিয়া দিব বিচৰাত যুৱতীগৰাকী নিজেই পূৰ্বৰে পৰা ভাল পোৱা ছফিউল আনছাৰীক পলাই আহিবলৈ বাধ্য কৰোৱা বুলিও এক বিশেষ সূত্ৰে জানিব পৰা গৈছে।
দল-সংগঠনৰ তৎপৰতা আৰু বাসুগাঁও আৰক্ষীৰ অনুসন্ধানত অৱশেষত ছফিউল আনছাৰী আৰু হিন্দু যুৱতীগৰাকী চাপৰ আৰক্ষী থানাত আহি আত্মসমৰ্পণ কৰে। পিছত বাসুগাঁও আৰক্ষী চাপৰ আৰক্ষী থানাত উপস্থিত হৈ ছফিউল আনছাৰী আৰু যুৱতীগৰাকীক চাপৰ প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি যুৱক-যুৱতীক বাসুগাঁও থানালৈ লৈ যোৱা হয়।
ইফালে দল-সংগঠনে এক পক্ষীয়ভাৱে যুৱকজনৰ শাস্তিৰ দাবী কৰিলেও এই ক্ষেত্ৰত যে উভয়ে সমানে জগৰীয়া তাত কোনো সন্দেহ নাই।
Photo & Input: Nurjamal sk
Discussion about this post