মানকাচৰত (Mancacher) ভূমি আবণ্টনত (Land allotment) জড়িত জিলা পৰিষদৰ সভানেত্ৰী তথা বিধায়কৰ পত্নী মেৰিনা খানম ৷ মানকাচৰত চৰকাৰী ভূমি আবণ্টনত (Land allotment)
সাঙোৰ খাইছে বিধায়ক (Mla Aminul Islam) আমিনুল ইছলাম আৰু বিধায়ক পত্নী মেৰিনা খানমৰ নাম ৷
বিধায়ক পত্নী মেৰিনা খানম জিলা পৰিষদৰ সভানেত্ৰী ৷ ৪ গৰাকী ভুক্তভুগীয়ে মেৰিনা খানমসহ ৭জন লোকৰ বিৰুদ্ধে যোৱা ১৯ অক্টোবৰত জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দিছিল এজাহাৰ ৷ আৰক্ষীয়ে চলাই আছে তদন্ত ৷
ইয়াৰ মাজতে কালি বিধায়ক আমিনুল ইছলাম (Mla Aminul Islam) আৰু তেওঁৰ পত্নী একাংশ দলীয় কৰ্মীক লৈ হাটশিঙিমাৰীস্থ Aiudfৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল পাতি দুয়ো ভূমি কেলেংকাৰীত জড়িত নহয় বুলি দাবী কৰিছিল ৷ সংবাদমেল পাতি বিধায়ক আৰু বিধায়ক পত্নীয়ে দিছিল স্পষ্টীকৰণ ৷
এই সংবাদমেল সম্প্ৰচাৰ হোৱাৰ পিছতেই কৰম আলী নামৰ ভুক্তভোগী এগৰাকীক আজি জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানমে ফোন কৰে ৷ মেৰিনা খানম আৰু কৰম আলীৰ মাজত ভূমি আবণ্টনক (Land allotment) লৈ কথোপকথন হয় ৷ দুটাকৈ Call Recording পোহৰলৈ আহিছে ৷
WhatsApp Audio 2021-10-25 at 7.38.59 AM
WhatsApp Audio 2021-10-25 at 7.38.58 AM
এই Call Recordingত স্পষ্টভাৱে উল্লেখযোগ্য আছে মানকাচৰত ভূমি আবণ্টনত ধনৰ লেনদেন হোৱাটো ৷ উক্ত Call Recording মতে মেৰিনা খানমে গোলাম নামৰ এজনৰ হাতত দিবলৈ কৈছিল ভূমি আবণ্টনৰ (Land allotment) নামত টকা ৷
ভুক্তভোগী-
যাৰ বাবে ভুক্তভোগী কৰম আলী ১ লাখ ১০ হাজাৰ টকা দিছিল গোলামৰ হাতত ৷ এই ফোন কলত স্পষ্টভাৱে প্ৰকাশ পাইছে লেনদেনৰ কথা ৷
দ্বিতীয়টো ফোন কলত মেৰিনা খানম এজাহাৰকাৰী কৰম আলীক স্পষ্টভাৱে প্ৰকাশ কৰে যিখিনি টকা মই লৈছিলো টকা এতিয়াই উভতাই দিম, কিন্তু মনোৱাৰৰ বিৰুদ্ধে মাত দিব লাগিব ৷
অতি চতুৰালিৰে ভুক্তভোগী কৰম আলীয়ে মেৰিনা খানমৰ ফোন Recording কৰি লয় ৷ এই ফোন কলে বৰ্তমান মানকাচৰত (Mancacher) তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Photo & InpuT: সামিম জাকাৰিয়া
Discussion about this post