গোলাঘাটৰ নুমলীগড় তেল শোধানাগাৰৰ ডেপুটি জেনেৰেল মেনেজাৰ পৰ্যায়ৰ বিষয়া নীহাৰ প্ৰসাদ শৰ্মাক নিলম্বন কৰা হৈছে। এগৰাকী যুৱতী অভিযন্তাক যৌন নিৰ্যাতনৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে ২০ আগষ্টত বিষয়াগৰাকীক গুৱাহাটীৰ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
আৰক্ষীয়ে যৌন নিৰ্যাতনৰ অভিযোগত বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে নুমলীগড় তেল শোধানাগাৰ কৰ্তৃপক্ষই নিলম্বণ কৰিছে বিষয়াগৰাকীক।
উল্লেখযোগ্য যে, নীহাৰ প্ৰসাদ শৰ্মা নামৰ এজন DGM পৰ্যায়ৰ বিষয়াই এগৰাকী যুৱতী অভিযন্তাক ১৯ জুলাইত নিজ গৃহলৈ নি সুৰাৰ পাৰ্টী কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনা সন্দৰ্ভত নুমলীগড় আৰক্ষী চকীত ১৯ আগষ্টত যুৱতীগৰাকীয়ে দাখিল কৰিছিল এক গোচৰ। এই গোচৰৰ ওপৰত ভিত্তিতে আৰক্ষীয়ে নীহাৰ প্ৰসাদ শৰ্মাক আটক কৰিছিল আৰক্ষীয়ে।
কিন্তু লগতে এটা কথাও উত্থাপন হৈছিল যে, বিগত ৪ আগষ্টত এই নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছিল কিন্তু ৰহস্যজনকভাৱে নিৰ্যাতিত যুৱতী অভিযন্তাগৰাকীয়ে কিন্তু দাখিল কৰা নাছিল কোনো অভিযোগনামা। বিগত ১৯ আগষ্টতহে যুৱতীগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ।
Photo: Khatang Khobor




























Discussion about this post