গুৱাহাটীৰ পল্টনবজাৰত শুকুৰবাৰে নিশা কিন্নৰৰ অটপালি। পল্টনবজাৰৰ এখন হোটেলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
নগ্ন অৱস্থাত একাংশ কিন্নৰে সন্ত্ৰাস চলাই নিশাৰ মহানগৰীত। দম্পতীকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে কিন্নৰৰ বিৰুদ্ধে। হোটেলখনৰ ভিতৰৰ পৰা মাতি আনি দম্পতীক আক্ৰমণ কৰে কিন্নৰে। টকা নিদিয়াৰ বাবেই লখিমপুৰৰ এক দম্পতিক কিন্নৰ দলটোৱে প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে।
উত্তপ্ত পৰিস্থিতিৰ পিছত ঘটনাস্থলীত পল্টন বজাৰ আৰক্ষী উপস্থিত হোৱাত আৰক্ষীকো অশ্লীল গালি-গালাজ কৰি আক্ৰমণ কৰে।
কিন্নৰ দলৰ আক্ৰমণৰ পৰা দম্পতীক কোনোমতে উদ্ধাৰ কৰে পল্টন বজাৰ আৰক্ষীয়ে। আনহাতে মূৰ্মূষ অৱস্থাত নিশাই চিকিৎসালয়লৈ প্ৰেৰণ আহত দম্পতীক।
Photo: Khatang Khobor





























Discussion about this post