মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত কিডনী ব্যৱসায়ীৰ ধন! এয়া ছচিয়েল মিডিয়াত একাংশৰ টিপ্পনী। ভয়ংকৰ কিডনী ব্যৱসায়ত জড়িত থকাৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ নেতা নিতু দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া ছচিয়েল মিডিয়াত এই টিপ্পনী।
মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ কাষত থিয় হৈ থকা আৰু মুখ্যমন্ত্ৰীক চেক প্ৰদান কৰি থকা অৱস্থাত বিজেপি যুৱ মৰ্চাৰ নিতু দাসৰ কেইখনমান ফটো ভাইৰেল হোৱাৰ পিছতে এই টিপ্পনী একাংশৰ। মৰিগাঁও আৰক্ষীয়ে দলগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে নিতু দাস নামৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতাজনক।
নিতু দাস ৰাজ্য কঁপোৱা কিডনী ব্যৱসায়ৰ লগত জড়িত। এই নিতু দাসে কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছিল ধন। সেয়ে এতিয়া একাংশই টিপ্পনী মাৰি কৈছে, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত কিডনী ব্যৱসায়ীৰ ধন। মৰিগাঁও আৰক্ষীয়ে জোৰদাৰ কৰি তুলিছে কিডনী ব্য়ৱসায়ত জড়িত চক্ৰটোক উৎখাত কৰাৰ অভিযান।
ঘটনাৰ কেন্দ্ৰস্থল দক্ষিণ ধৰমতুলৰ বিজেপি কৰ্মী ৰমেন মেধিক ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আনজন বিজেপি যুৱমৰ্চাৰ নেতা নিতু দাস।
অৱশ্যে আৰক্ষীয়ে এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই কিডনী ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড প্লাৱন বৰঠাকুৰক। গুৱাহাটীত কাৰ্যালয় স্থাপন কৰি ৰাজ্যজুৰি কিডনী ব্যৱসায় নিয়ন্ত্ৰণ কৰিছিল বৰঠাকুৰে। প্লাৱন বৰঠাকুৰৰ লগতে পলাতক আন দুজন বিক্ৰম দাস আৰু ৰাজেশ পোড্ডাৰ।
বিক্ৰমে সৰু সৰু দালালৰ সহযোগত কিডনী বিক্ৰী কৰিবলৈ মান্তি হোৱা লোকক কলকতালৈ লৈ যোৱাৰ ব্যৱস্থা কৰাৰ বিপৰীতে ৰাজেশ পোড্ডাৰে মেডিকেল ৱৰ্ডৰ যাৱতীয় অনুমতি আদায় কৰাৰ কাম কৰিছিলে। প্লাৱন বৰঠাকুৰ, ৰাজেশ পোড্ডাৰ আৰু বিক্ৰম দাসক গ্ৰেপ্তাৰ কৰিলেই পোহৰলৈ আহিব ভয়ংকৰ কিডনী ব্যৱসায়ৰ প্ৰকৃত তথ্য।
Photo: Khatang Khobor
Discussion about this post