শিৱসাগৰত সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি আৰক্ষী বিষয়াৰ। এটা ছেটেলাইট চেনেলৰ সাংবাদিক আছিফ আলীসহ ৫ গৰাকী সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনৰ।
জয়সাগৰ তিনিআলিত সংঘটিত হৈছে এই ঘটনা। ” নিশা মই কাকো চিনি নাপাও, কেমেৰা থাকিলেও লাভ নাই , অপেন শ্বুট কৰি দিম” বুলি সাংবাদিকক ভাবুকি প্ৰদান আৰক্ষী বিষয়াগৰাকীৰ।
ঘটনা সম্পৰ্কত শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকৰ। ইফালে আৰক্ষী বিষয়াজনৰ দুষ্কাৰ্যৰ বিৰুদ্ধে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ।
স্মাৰক পত্ৰত ২৪ ঘণ্টাৰ ভিতৰত সাংবাদিকক ভাবুকি প্ৰদান কৰা আৰক্ষী বিষয়াজনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী জিলা সাংবাদিক সংস্থাৰ। অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সাংবাদিক সংস্থাৰ।
Photo & Input: পাৰচিচ আহমেদ
Discussion about this post