দীপাৱলী (Diwali) পোহৰৰ উৎসৱ। দীপাৱলী এন্ধাৰ, অপৱিত্ৰতা নাশি সকলোৰে মনত পোহৰাই তোলাৰ এক আয়োজন।
কিন্তু দীপাৱলীৰ দিনটোতে পুৰি ছাই হ’ল তিনিজন অসমীয়া যুৱক- সুব্ৰত দত্ত, দেবব্ৰত গগৈ আৰু চিন্ময় গগৈয়ে আৰম্ভ ক’ৰা হেঁপাহৰ শ্ল’গান। কাৰণ একাংশৰ উন্মাদনা। দীপাৱলীৰ দিনটোত গগণফলা শব্দৰে ফটকা ফুটাই একাংশই কৰা বন্য উল্লাসৰ বাবেই চকুৰ আগতে দাও দাওকৈ জ্বলি শেষ হ’ল তিনিজন থলুৱা যুৱ উদ্যোমীৰ সপোনৰ শ্ল’গান।
যোৰহাটত (Jorhat) গঢ় লৈ উঠা শ্ল’গান কেৱল এখন কেফে নাছিল। শ্ল’গানৰ যোগেদি তিনিজন থলুৱা উদ্যোমী যুৱকৰ ব্যৱসায়িক কচৰৎ আৰম্ভ হৈছিল। শ্ল’গান কেফে হৈ পৰিছিল যোৰহাটৰ এক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। বৌদ্ধিক, সামাজিক আড্ডাৰ এক অনন্য থল।
কিন্তু দীপাৱলীৰ নামত কোনো বিবেচনাহীন লোকে ফটকা ফুটোৱাৰ ফলত, ফটকাৰ জুই (Fire) ফিৰিঙতিয়ে নিমিষতে ছাই কৰি পেলাই কেফেখন।
আৰু পঢ়কঃ https://khatangkhobor.com/news/sarthebari-kaliabar-fire-two-houses-guts-in-fire-17-goats-died/4201/
লক্ষণীয় যে, দীপাৱলীৰ দুয়োটা দিনতে ৰাজ্যত কেইবাটাও অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ৰঙিয়াৰ (Rangia) এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকৰ বাসগৃহটোও জ্বলাই পেলাই ফটকাৰ জুইয়ে। মুঠৰ ওপৰত একাংশৰ ফটকা ফুটাই কৰা বন্য উল্লাসে আন একাংশৰ সপোন ভাঙি থান বান কৰিলে দীপাৱলীৰ দিন দুটাত। ফটকাৰ নামত শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণৰ কথা নতুনকৈ হয়টো আলোচনা কৰাৰ প্ৰয়োজন নাই।
মুঠৰ ওপৰত চৰকাৰ, প্ৰশাসন, বেচৰকাৰী সংস্থা, বিশেষজ্ঞৰ হাজাৰ সজাগতামূলক কাৰ্যসূচী, বাধা-নিষেধ, আহ্বানেও যেন আজিও বহুতৰে মন-মগজুত কোনো প্ৰভাৱেই পেলাব পৰা নাই।
এনেকৈ আৰু কিমান দিন আমি প্ৰকৃতিৰ ওপৰত আনন্দ প্ৰকাশৰ নামত অত্যাচাৰ চলাম। কিমান বাৰ নিজৰ সুখৰ বাবে আনৰ ঘৰ জ্বলাম। প্ৰশ্নটো আপোনালোকলৈ এৰি দিছো।
Photo: Khatang Khobor
Discussion about this post