কাগজে-পত্ৰই এইগৰাকী তৃষা ২০১৭ বৰ্ষত দিল্লী এইমছৰ পৰা এম বি বি এছ পাছ কৰি অহা চিকিৎসক (Fake Doctor) তৃষা পেগু। কিছুদিন পূৰ্বে যোৰহাটৰ এ জি নাৰ্ছিং হোমত যোগদানৰ বাবে আবেদন কৰিছিল এইগৰাকী চিকিৎসক তৃষাই। দুদিনমানৰ বাবে কৰিছিল কাম। কিন্তু এতিয়া পলাতক তৃষা।
নিজকে চিকিৎসক বুলি পৰিচয় দি বিভিন্নজনৰ সন্তানক দিয়ে এইমছত নামভৰ্তিৰ টোপ। তেনেকৈয়ে বহুতৰ পৰা লাখে লাখে টকা সৰকালে এইগৰাকী ভুৱা চিকিৎসক তৃষা পেগুৱে। কাৰোবাৰ পৰা তিনি লাখ, কাৰোবাৰ পৰা চাৰি লাখ। কাৰোবাৰ পৰা ১৬ লাখলৈকে আদায় কৰিছে ধন। এই কথা পোহৰলৈ আহিল ভুক্তভোগী যেতিয়া কাষ চাপিল আৰক্ষীৰ। আৰু তাৰ পিছৰে পৰা কোনো সন্ধান নাই এইগৰাকী ভুৱা চিকিৎসকৰ।
ভুৱা প্ৰমাণপত্ৰৰেই কেইদিনমানৰ বাবে যোৰহাটৰ (Jorhat) এ জি নাৰ্ছিং হোমত চিকিৎসা সেৱা আগবঢ়াইছিল তৃষাই। সেই কথা পোহৰলৈ অহাতহে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই প্ৰসংগত এ জি নাৰ্ছিং হোমৰ সঞ্চালকৰ মন্তব্য গণ্ডগোলৰ কথা গম পোৱাৰ পাছতে বিষয়টো তেওঁলোকে অৱগত কৰিছিল আৰক্ষীক।
আৰক্ষীয়ে তৃষাক বিচাৰি অব্যাহত ৰাখিছে অভিযান। হয়তো শীঘ্ৰে পোহৰলৈ আহিব সুন্দৰ চেহেৰাৰ আঁৰত লুকাই থকা প্ৰৱঞ্চনাৰ একাধিক কলংকিত কাহিনী।
Photo & Input: জিণ্টু দেওধাই ফুকন
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/why-are-the-a-to-z-buttons-on-the-keyboard-zig-zag/4257/
Discussion about this post