নিবনুৱাসকলৰ বাবে এক সুবৰ্ণ সুযোগ আনিছিল চৰকাৰে। জিলা পৰ্যায়ত নিয়োগ মেলা (Job Mela) অনুষ্ঠিত হৈছিল। অসম চৰকাৰৰ (Assam Govt) বিশেষ উদ্যোগত অনুষ্ঠিত হৈছিল আছাম জব ফেয়াৰ ২০২১।
যোৰহাট, বৰপেটা, নগাঁও, নলবাৰী, তিনিচুকীয়া, বঙাইগাঁও, মৰিগাঁও, শিৱসাগৰ, গোলাঘাট আদি কেইবাখনো জিলাত জব মেলাৰ আয়োজন হৈছিল। হাজাৰ হাজাৰ নিবনুৱা হিল-দল ভাঙি ওলাই আহিল। সকলোৱে ভাবিলে চৰকাৰী চাকৰিয়েই দিব। কিন্তু সকলো ব্যক্তিগত কোম্পানী।
দীঘল দীঘল শাৰী। যোৰহাটত ১০ হাজাৰ শিক্ষাৰ্থীৰ ১৫০০ইহে কৰিব পাৰিলে আবেদন। কৰবাত খালী পোষ্ট ১৫০। উপস্থিত ৮ হাজাৰ নিবনুৱা। শিৱসাগৰত চাকৰি বিচাৰি উপস্থিত তিনি হাজাৰ লৰা-ছোৱালী। কিন্তু আহিল ৯টা কোম্পানী। আছিল মাত্ৰ ১০০টা পোষ্ট। যি ১০০টা পোষ্ট তাৰ দৰমহাৰ নিৰিখ ৭ হাজাৰ, ৮ হাজাৰ, ৯ হাজাৰ। কিন্তু কি হ’ল সেয়া সকলোৰে সন্মুখত ওলাই পৰিল। নিয়োগ মেলাৰ নামত শিক্ষিত যুৱক-যুৱতীৰ সৈতে চৰকাৰে কৰিলে ল’ৰা ধেমালি।
ৰান্ধনী, বাচন ধোৱা, কাপোৰ ধোৱা চাকৰি প্ৰদান নিয়োগ মেলাত। যাৰ বাবে নিয়োগ মেলালৈ আহি ক্ৰোধাম্বিত হৈ পৰিছিল হাজাৰ হাজাৰ প্ৰাৰ্থী। এই নিয়োগ মেলা সূচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰাৰ অভিযোগত মন্ত্রী চন্দ্র মোহন পাটোৱাৰীৰ (Chandra Mohan Patowary) নির্দেশনা মৰ্মে নিলম্বিত (Suspend) কৰা হয় দুগৰাকী চৰকাৰী বিষয়াক।
গুৱাহাটী নিয়োগ বিনিময় কেন্দ্ৰৰ দুগৰাকী শীৰ্ষ বাছনিৰ বিষয়া ক্ৰমে যুটীয়া সঞ্চালক (Joint Director) টি ডংগেল (T. Doungel) আৰু সহকাৰী পৰিচালক (Assistant Director) লিপিকা দত্ত (Lipika Datta)ক নিলম্বন কৰা হয়। বিষয়া দুগৰাকীক কৰ্মত ভুল পৰিকল্পনা, অব্যৱস্থাপনা আৰু দায়িত্বত চৰম অৱহেলা কৰাৰ অভিযোগতে নিলম্বিত কৰে।
Discussion about this post