ধন লৈ চৰকাৰী চাকৰি দিয়াৰ নামত নামত প্ৰৱঞ্চনা। প্ৰৱঞ্চকৰ লগত নাম সাঙুৰ খাইছে আঙুৰলতা ডেকা আৰু আকাশদ্বীপ ডেকাৰ। আঙুৰলতাৰ ঘনিষ্ঠ, বিজেপি কৰ্মী আমিনুল এতিয়া বটদ্ৰৱা থানাৰ ১ নম্বৰ দালাল।
এটা বিশেষ অডিঅ’ ফোন ৰেকৰ্ড। অডিঅ’টোত স্পষ্ট বাবে কোৱা হৈছে যে ” আকাশদ্বীপ ডেকা আৰু বিধায়িকা আঙুৰলতা ডেকাই মোক বাৰে বাৰে কৈছে যে বস্তুটো যেতিয়ালৈকে আপোনাৰ হাতত নপৰে তেতিয়ালৈকে বিষয়টো যাতে সম্পূৰ্ণ গোপনে থাকে, যাতে কোনেও গম নাপাই। পিছে এই ফোন ৰেকৰ্ডৰ আঁৰত আছে কি ?
ভুক্তভোগী-
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দালালৰ বিৰুদ্ধে অভিযান অব্যাহত চলোৱাৰ মাজতে পোহৰলৈ আহিছে আন এক চাঞ্চ্যলকৰ তথ্য। এইবাৰ বিজেপি কৰ্মীয়ে চাকৰিৰ নামত ধন লৈ প্ৰৱঞ্চনা কৰাৰ সমগ্র তথ্য ফাদিল হৈছে।
ইয়াতকৈ আচৰিত কথাটো হ’ল যে, এই সমগ্ৰ ঘটনাৰ লগত নাম সাঙোৰ খাই পৰিছে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা আৰু স্বামী আকাশদ্বীপ ডেকাৰ। এজন দালালৰূপী বিজেপি কৰ্মী আমিনুল ইছলাম। বৰ্তমান বটদ্ৰৱা আৰক্ষী থানাৰ নাম্বাৰ ১ দালাল। আমিনুলৰ ঘৰ বটদ্ৰৱাৰ হাইডুবিত।
চাকৰিৰ দালাল আমিনুল ইছলাম নামৰ যুৱকজনে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা আৰু স্বামী আকাশ দ্বীপ ডেকাৰ নাম লৈ চৰকাৰী চাকৰি দিয়াৰ নামত লাখে লাখে টকা লোৱাৰ এক ভংয়কৰ তথ্য পোহৰলৈ আহিছে।
ধন বিচাৰি ফোনত কৰা বাৰ্তালাপত কথাই কথাই নাম উচ্চাৰণ কৰিছে আঙুৰলতা ডেকা আৰু আকাশদ্বীপ ডেকাৰ। আঙুৰলতা ডেকা বিধায়িকা হৈ থকাৰ সময়ত অৰ্থাৎ ২০১৬ চনতে বিজেপি কৰ্মী আমিনুলে অসম চৰকাৰৰ যিকোনো এটা বিভাগত চতুৰ্থশ্ৰেণীৰ চাকৰি আৰু এগৰাকী যুৱতীক নাৰ্ছৰ চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল ধন।
বিধায়িকা আঙুৰলতা ডেকা আৰু আকাশদ্বীপ ডেকাৰ লগত আলোচনা কৰি চাকৰি প্ৰদানৰ বাবেও আশ্বাস প্রদান কৰিছিল। কিন্তু ধনখিনি লোৱাৰ পিছতে গা এৰা মন্তব্য কৰি আৰক্ষীৰ সহযোগত মুকলি আকাশৰ তলত আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভুগীয়ে।
এই বিষয় সন্দৰ্ভত বটদ্ৰৱা থানাত বাৰে বাৰে গোচৰ তৰিও বিফল ভুক্তভুগী, আৰক্ষীয়ে নকৰে গোচৰ পঞ্জীয়ন, কাৰণ অভিযোগ অনুসৰি আমিনুল ইছলামে দীৰ্ঘদিন ধৰি কৰি আহিছে বটদ্ৰৱা থানাৰ দালালী। ৰাতিয়েই হওঁক বা দিনতেই হওঁক ২৪ ঘণ্টাই থানাৰ ভিতৰতেই থাকে আমিনুল ইছলাম।
ইতিমধ্যে ভুক্তভোগীয়ে পুনৰ এজাহাৰ দাখিল কৰিছে বটদ্ৰৱা আৰক্ষী থানাত। উপায়ন্তৰ হৈ বছৰ বছৰ ধৰি নিজৰ প্ৰাপ্য ধন বিচাৰি অৱশেষত কাষ চাপিল সংবাদ মাধ্যমৰ।
কিন্তু ৰহস্য জনকভাৱে আঙুৰলতা ডেকা আৰু আকাশ দ্বীপ ডেকাৰ নাম কিয় বাৰে বাৰে আমিনুলে উচ্চাৰণ কৰি আহিছিল তাকে লৈ সৰ্বত্ৰ চলিছে ব্যাপক চৰ্চা।
ইতিমধ্যে ভুক্তভোগীয়ে আমিনুলৰ লগত ফোনত বাৰ্তালাপ কৰা অডিঅ’ ৰেকর্ডিঙৰ সকলো তথ্য ৰাজহুৱা কৰিছে। এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে এইজন দালালৰ লগত চাকৰিৰ নামত কিবা লেনদেন হৈছিল নেকি আঙুৰলতা আৰু আকাশদ্বীপৰ লগত, নে কেৱল আঙুৰলতা আৰু আকাশদ্বীপৰ নাম লৈ চলাই গৈছিল চাকৰিৰ নামত বেহা?
Photo & Input: ছাইদুল ইছলাম
Discussion about this post