অসমৰ সৈতে থকা আন্তৰিকতাই তেওঁক বুজাব নোৱাৰা সুখ অনুভৱ কৰোৱাই বুলি আনন্দ মিশ্ৰই (Anand Mishra) কয়, ‘অসমত আহি কাম কৰাৰ সুযোগ পাইছো, আৰক্ষীৰ পোছাক পিন্ধাৰ, আইপিএছ হোৱাৰ সুযোগ পাইছো, এয়া এক ডাঙৰ উপলব্ধি। মই ইয়াৰ বাবে ভগৱানৰ ওচৰত কৃতজ্ঞ।”
মানুহৰ মাজত চেলিব্ৰেটী হৈ পৰা এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আনন্দ মিশ্ৰই কয়- ”মই এজন চৰকাৰী কৰ্মচাৰীহে। অসমৰ ৭০ হাজাৰ আৰক্ষী জোৱানৰ মাজত ময়ো এজন। মই কোনো চেলিব্ৰেটী নহয়।”
আনহাতে ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত শেষবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আইপিএছ বিষয়াগৰাকীয়ে (IPS Anand Mishra) কয় যে আৰক্ষীয়ে তেওঁলোকৰ কৰ্তব্য পালন কৰিছে। কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে বেয়া মানুহৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰা হয়।
আৰু পঢ়কঃ https://khatangkhobor.com/news/ips-anand-mishra-leaving-assam-for-personal-reason/11955/
উল্লেখ্য যে, ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন জনাইছিল বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ এআইজিপিৰ দায়িত্বত থকা আনন্দ মিশ্ৰই। অসম চৰকাৰে তেওঁক এনঅ’চি প্ৰদান কৰাৰ পিছতে অসমৰ পৰা বিদায় লয় অসম-মেঘালয়ৰ কেডাৰ গৰাকীয়ে। শীঘ্ৰে বিহাৰ কেডাৰত (Bihar Cadre) যোগদান কৰিব আইপিএছ বিষয়াগৰাকীয়ে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/15-lakhs-money-recover-by-sonitpur-police-in-assam/11967/
Discussion about this post