পৃথিৱীৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি এক বহনক্ষম জীৱনশৈলী আহৰণ কৰা অনুশীলনৰ বাবে মানৱতাৰ সামূহিক অন্বেষনত যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে আজি দেশে দেশে ক্ৰমাত বৃদ্ধি পাইছে যোগৰ আদৰ। ২১ জুন, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Day Of Yoga)। দেশজুৰি চলিছে যোগ দিৱসৰ প্ৰস্তুতি। উত্তৰ শালমৰাতো (North Salmara) মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী।
২১ জুনৰ পুৱা ৭ বজাৰ পৰা ৮ বজালৈ অভয়াপুৰী কলা পৰিষদ ভৱনত অনুষ্ঠিত হয় যোগ দিৱসৰ এই কাৰ্যসূচী। পতঞ্জলি যোগ সমিতি অভয়াপুৰী শাখা আৰু কলা পৰিষদৰ সহযোগত মহকুমা প্ৰশাসনে আয়োজন কৰিছে এই দিৱস।
মানৱতাৰ বাবে যোগ-এই বিষয়বস্তু স্থিৰ কৰা হৈছে এইবাৰৰ যোদ দিৱসৰ বাবে। উত্তৰ শালমৰাৰ যোগ দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ তদাৰক কৰিছে মহকুমাধিপতি পাৰ্থ সাৰথি জহৰীয়ে। কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে নিৰ্বাচনী বিষয়া তন্ময় ঘোষক নডেল বিষয়া হিচাপে লৈ গঠন কৰা হৈছে এখন সমিতিও। উত্তৰ শালমৰাৰ চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ২১ জুনৰ যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে নডেল বিষয়া তন্ময় ঘোষে।
Photo: Google
Discussion about this post