Independence Day 2021: ৭৫ সংখ্যক স্বাধীনতা দিৱসত ১০টা সংকল্প ল’বলৈ অসমবাসীক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই আহ্বান মুখ্যমন্ত্ৰী হিচাপে দিয়া নাই, আপোনালোকৰ মাজৰে এজন হিচাপে দিছো বুলিও মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
প্ৰথম আহ্বান– হাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ তিথিত চৰকাৰী বন্ধৰ দিন হিচাপে পালন নকৰাৰ সংকল্প ল’বলৈ আহ্বান ৰাজ্যবাসীক। এই তিথিৰ দুটা দিনত কাৰ্যালয়, বিদ্যালয়লৈ আহি গুৰুদুজনাৰ তিথি গৌৰৱ আৰু পৱিত্ৰতাৰে পালনৰ সংকল্প লোৱাৰ আহ্বান।
দ্বিতীয় আহ্বান– বৃদ্ধাশ্ৰমত যাতে কাৰো পিতৃ-মাতৃ থাকিব নালাগে।
তৃতীয় আহ্বান– চৰকাৰী কৰ্মচাৰী বা ব্যৱসায়ীসকলে বছৰত ৭ দিন পিতৃ-মাতৃৰ সৈতে কটোৱাৰ সংকল্প লোৱাৰ আহ্বান। ইয়াৰ বাবে চৰকাৰী কৰ্মচাৰীক বছৰত ৭ দিন ছুটি দিয়া হ’ব বুলিও ঘোষণা কৰে।
চতুৰ্থ আহ্বান– সামাজিক অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ জাতীয় সংগীত আৰু অন্তত ভাৰতৰ জাতীয় সংগীত গাই অসম আৰু ভাৰতক গৌৰৱান্বিত কৰাৰ সংকল্প লোৱাৰ আহ্বান।
পঞ্চম আহ্বান– প্লাষ্টিক পলিথিনৰ ব্যবহাৰ বন্ধ কৰাৰ সংকল্প লোৱাৰ আহ্বান। একেবাৰে নোৱাৰিলেও পলিথিনৰ ব্যৱহাৰ কম কৰিম বুলি সংকল্প লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
ষষ্ঠ আহ্বান– কন্যা সন্তানক ২১ বছৰ পূৰ্বে বিয়া নিদিও বুলি সংকল্প ল’বলৈ আহ্বান।
সপ্তম আহ্বান– কৰ্মচাৰী-বিষয়াসকলক ১ ঘণ্টা বেছিকৈ কাম কৰাৰ সংকল্প লোৱাৰ আহ্বান। তেতিয়াহে দেশৰ ৫খন ৰাজ্যৰ ভিতৰত স্থান পাব অসমে। কামৰ পৰা ঘৰলৈ উভতি যাওতে টেবুলত এখনো কাগজ নাথাকিব, সেই সংকল্প ল’বলৈ আহ্বান কৰ্মচাৰীসকলক।
অষ্টম আহ্বান– সৰু ঘটনা হ’লেও ড্ৰাগছ ব্যৱসায়ৰ যি কোনো ঘটনা আৰক্ষীক খবৰ দিয়াৰ সংকল্প লোৱাৰ আহ্বান। মানৱ সৰবৰাহৰ সৰু ঘটনা নজৰত আহিলেও আৰক্ষীক খবৰ দিয়াৰ সংকল্প লোৱাৰ আহ্বান।
নৱম আহ্বান– নিজৰ এৰি অহা পঢ়াশালীখনৰ উন্নতিৰ বাবে কিবা কৰিব পাৰি নেকি তাৰ সংকল্প লোৱাৰ আহ্বান।
দশম আহ্বান– এটা বছৰত কমেও এটা হ’লেও ভাল কাম কৰাৰ সংকল্প লোৱাৰ আহ্বান।
Photo: Twitter
Discussion about this post