অসমবাসীৰ হার্টথ্রব জুবিন গাৰ্গ পুনৰ অসুস্থ হৈ পৰিছে । ইয়াৰ পূৰ্বেও সকলোৰে মৰমৰ শিল্পীগৰাকী বহুবাৰ অসুস্থ হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছিল। এইবাৰ পুনৰ অসুস্থ হৈ পৰাত অনুৰাগীৰ মন ব্যথিত হৈ পৰিছে।
আজি পুৱা মূৰ ঘূৰাই হঠাত্ জুবিন মাটিত ধলি পৰিল। তাৰ পাছতেই তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান হার্টথ্রব জুবিন গাৰ্গক ICUত ৰখা হৈছে। চিকিৎসকৰ এটা দলে ইতিমধ্যেই চিকিৎসা আৰম্ভ কৰিছে। জানিব পৰা মতে, শিল্পীগৰাকীৰ এইবাৰ ছিজাৰ এটেক হৈছে। জুবিন গাৰ্গক বৰ্তমান চিকিৎসকৰ নিৰিক্ষণত ৰখা হৈছে। শিল্পিগৰাকীৰ উন্নত চিকিত্সাৰ বাবে চিকিৎসকৰ দ্বাৰা সকলো ধৰণৰ পৰীক্ষা কৰা হৈছে। নেমকেয়াৰৰ নিউৰ’ বিশেষজ্ঞৰ এটা দলে জুবিনক চোৱাচিতা কৰি আছে। অৱশ্যে, কেতিয়ালৈ জুবিন গাৰ্গক ICUত ৰখা হ’ব সেই কথা জানিব পৰা হোৱা নাই। টোপনি আৰু জিৰণিৰ অভাৱৰ বাবেই পুনৰ শিল্পীগৰাকী অসুস্থহৈ পৰা বুলি ধাৰণা কৰা হৈছে।
জুবিনৰ আশু-আৰোগ্য কামনা কৰি ইতিমধ্যে বিভিন্নজনে ছচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰিছে।
Discussion about this post