নগাঁৱত সম্প্ৰতি কৰ্মহীন লোকক টাৰ্গেট কৰি লৈছে মানৱ অংগ সৰবৰাহকাৰী চক্ৰই। কেইদিনমানৰ পূৰ্বে নগাঁও হুজগাঁৱৰ দীপক সিং নামৰ এগৰাকী কৰ্মহীন লোকক একে অঞ্চলৰ ই-ৰিক্সা চালক পদ্মকান্ত দাস আৰু দ্বীপ দাস নামৰ দুগৰাকী লোকে কাম দিয়াৰ উদ্দেশ্যে লৈ গৈছিল বহিঃৰাজ্যৰ কলকাতালৈ।
কলকাতাত গৈ পোৱাৰ পিছত দীপক সিঙক কাম দিয়াৰ বিপৰীতে ৪ লাখ টকাৰ বিনিময়ত কিডনী বিক্ৰী কৰিবলৈ হেঁচা প্ৰয়োগ কৰে পদ্মকান্ত দাসে।
উক্ত প্ৰস্তাৱ দীপক সিঙে প্ৰথম অৱস্থাত মানি লোৱা নাছিল যদিও মানৱ অংগ সৰবৰাহকাৰী চক্ৰই তেওঁক প্ৰাণৰ ভয় দেখুওৱাত তেওঁ অনিচ্ছাকৃতভাৱে মান্তি হ’বলৈ বাধ্য হয়।
পৰৱৰ্তী সময়ত দীপক সিঙে ১১জুলাইত কলকাতাৰ পৰা অতি কৌশলেৰে নিজ গৃহ নগাঁৱলৈ পলাই আহিবলৈ সক্ষম হয়। আজি দীপক সিঙে সমগ্ৰ ঘটনা সন্দৰ্ভত পদ্মকান্ত দাস আৰু দ্বীপ দাসৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
এই এজাহাৰৰ ভিত্তিত নগাঁও সদৰ থানাৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। মানৱ অংগ সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত পদ্মকান্ত দাস আৰু দ্বীপ দাস বৰ্তমান নগাঁৱতে আছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য মানৱ অংগ সৰবৰাহকাৰীৰ কবলত পৰি ইতিমধ্যে নগাঁও চহৰৰ হুজগাঁও অঞ্চলৰ কেইবাগৰাকীও লোকে ধনৰ বিনিময়ত কিডনী দান কৰাৰ কথা সংবাদ মাধ্যম যোগে পোহৰলৈ অহাত নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post