এখন বিশেষ কোৰানকলৈ (Quran) ইছলাম ধৰ্মাৱলম্বী (Islam Religion) লোকসকলক মাজত ব্যাপক চৰ্চা। ইছলাম ধৰ্মাৱলম্বী লোক সকলক পৱিত্ৰ ধৰ্মগ্ৰন্থ এখন বিশেষ কোৰানকলৈ (Quran) ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক চৰ্চা।
কোৰানখনক চাবলৈ লোকে লোকৰণ্য হৈ পৰিছে এটা অঞ্চল। বিধ্বংসী অগ্নিকাণ্ডতো (Massive Fire) অক্ষত অৱস্থাত থাকিল ইছলাম ধৰ্মাৱলম্বী (Islam Religion) লোকসকলৰ এই বিশেষ কোৰানখন। এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় এজন লোকৰ ঘৰ। ঘৰৰ সকলো সামগ্ৰী ভস্মীভূত হয় যদিও আশ্চৰ্য্যজনকভাৱে অক্ষত অৱস্থাত থাকে ঘৰৰ ভিতৰত থকা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰান।
ইয়াক লৈ এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক চৰ্চা। দক্ষিণ কামৰূপৰ (South kamrup) গৰৈমাৰীৰ টপাৰপথাৰত দেওবাৰে নিশা আফজাল হক নামৰ এজন লোকৰ ঘৰত সংঘটিত হৈছিল এক বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত আফজাল হকৰ ঘৰৰ সকলো সামগ্ৰী ভস্মীভূত হয়। অগ্নিকাণ্ডত নগদ ধনসহ প্ৰায় ১৫ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায় যদিও ঘৰৰ ভিতৰত থকা কোৰাণখন অক্ষত অৱস্থাত থাকে। আনকি পবিত্ৰ কোৰাণখন ৰখা টেবুলখনো জুইত জ্বলি যায় যদিও কোৰাণখনৰ এখনো পৃষ্ঠা নজ্বলাকৈ থকাত সকলোৰে চকু কপালত উঠিছে৷ এই আশ্চৰ্য্যজনক ঘটনাৰ পিছতে অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত ব্যাপক চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। অক্ষত অৱস্থাত থকা কোৰাণখন চাবলৈ অঞ্চলটো লোকে লোকৰণ্য হৈ পৰিছে।
Photo & Input: Pritam Bayan
আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-at-guwahati-railway-station-train-pilot-dies/6190/
Discussion about this post