লখিমপুৰৰ (Lakhimpur) মৈদমীয়াত (Moidumia) ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। তীব্ৰ অৰুণাচলী বাহনৰ (Speeding Arunachli Car Collision E Rickshaw) খুন্দাত নিহত লখিমপুৰৰ ই-ৰিক্সা চালক (Died E Rickshaw Driver)। আহত ই-ৰিক্সাৰ কেবাগৰাকীও আৰোহী (Several Injured)। নিহত লোকজন মৈদমীয়া গাঁৱৰ মইনুদ্দিন আলী ওৰফে জিতু বুলি জানিব পৰা গৈছে।
শনিবাৰে পুৱা ৫ মান বজাত মইনুদ্দিনে উত্তৰ লখিমপুৰ নগৰৰ পৰা ৰংপুৰীয়া গাঁও অভিমুখে ই-ৰিক্সা লৈ আহি থকা অৱস্থাত মৈদমীয়াত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিপৰীত দিশৰ পৰা অহা অৰুণাচলী উইংগাৰে মহটিয়াই নিয়ে।
দুৰ্ঘটনাটোত থিতাতে নিহত হয় ই-ৰিক্সা চালক মইনুদ্দিন আলী। আনহাতে ই-ৰিক্সাখনত থকা দুজন যাত্ৰী আৰু উইংগাৰখনৰ চালক আৰু এজন লোকক সংকটজনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাগ্ৰস্ত ই-ৰিক্সা খনৰ নম্বৰ AS 07 ER 0378।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post