ৰূপহীহাটৰ (Rupahihat) কাঞ্চনপুৰত (Kanchanpur) ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। চাৰিচকীয়া বাহনৰ খুন্দাত নিহত এগৰাকী মহিলা (Women Died)। দ্ৰুতবেগী টাটা মোবাইল বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এগৰাকী মহিলাক। থৰ দাঁতিত বহি থকা মহিলাকগৰাকীক খুন্দা মাৰি পলাব লওঁতেই দ’ খাৱৈত বাগৰি পৰে বাহনখন। ঘটনাস্থলীতে বাহনখন এৰি চালকৰ পলায়ন।
অতি সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যু হয়। নগাঁৱৰ পৰা নলতলী অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথ দুৰ্ঘটনা সংঘটিত কৰে বাহনখনে। দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS 21 C 9535। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী (Rupahihat Police) উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Photo & Input: Abu Hanifa




























Discussion about this post